অসম লাইভ২৪ঃ ‘আমাৰ দিনত ২জি, ৩জি, ৪জি, ৫জি এইবোৰ একো নাছিল। আমাৰ দিনত আছিল পিতাজী, মাতাজী, গুৰুজী। তেতিয়া তেওঁলোকে দিয়া এটা চৰতেই আপোনা-আপুনি আমাৰ নেটৱৰ্ক আহি গৈছিল।’ বিগবী অমিতাভ বচ্চনে কৰা এই টুইটটোৱে এতিয়া সমগ্ৰতে লাভ কৰিছে চৰ্চা৷ বৰ্তমান যুগৰ সৈতে তেওঁ এৰি অহা শৈশৱ, কৈশোৰৰ দিনৰ তুলনাৰে অমিতাভ বচ্চনে কোৱা এই কথাক লৈ নেটিজেনেও দিছে ভিন্ন মন্তব্য৷
জনপ্ৰিয় ৰিয়েলিটি শ্ব ‘কৌন বনেগা কৰুড়পতি’ ৰ শ্বুটিঙৰ লগতে নতুন এখন চিনেমাৰ কামত ব্যস্ত হৈ থকা অমিতাভ বচ্চনে টুইটাৰত দিয়া এই পষ্টটোৱে বৰ্তমানৰ নৱপ্ৰজন্মলৈ এটা বাৰ্তা বুলিও নেটিজেনে প্ৰকাশ কৰা পৰিলক্ষিত হৈছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ