বন্যপ্ৰাণী সংৰক্ষণৰ উদ্যোগ লৈ বনতাৰা প্ৰতিষ্ঠা কৰাৰ বাবে গ্লোবেল হিউমেনিটেৰিয়ান এৱাৰ্ড পাইছে অনন্ত আম্বানী৷ ৮ ডিচেম্বৰত ৱাছিংটন ডিচিত গ্লোবেল হিউমেন ছচাইটিৰ পৰা প্ৰাণী কল্যাণৰ বাবে এই পুৰস্কাৰ পাইছে তেওঁ৷ এই পুৰষ্কাৰ বন্যপ্ৰাণী সুৰক্ষা আৰু বিজ্ঞান ভিত্তিক সংৰক্ষণৰ প্ৰচেষ্টাৰ বাবে তেওঁক অবদানৰ স্বীকৃতিস্বৰূপে দিয়া হৈছে৷ এছিয়াৰ প্ৰথমগৰাকী আৰু সকলোতকৈ কমবয়সীয়া প্ৰাপক হিচাপে তেওঁ এই পুৰস্কাৰ পাইছে৷
অনুষ্ঠানত উপস্থিত আছিল সংৰক্ষণ সংক্ৰান্তিয় উদ্যোক্তা, নীতিনিৰ্ধাৰক আৰু বন্যপ্ৰাণী বিশেষজ্ঞসকল৷ তেওঁলোকেই ভাৰতত বৃহৎ পৰিসৰত বন্যপ্ৰাণী পুনৰ্বাসন আৰু সংৰক্ষণ ব্যৱস্থা গঢ়ি তোলাত আম্বানীৰ ভূমিকাৰ স্বীকৃতি দিছে৷
সংৰক্ষণৰ উদ্যোগৰ বাবে বিশ্বব্যাপী স্বীকৃতি
গ্লোবেল হিউমেনিটেৰিয়ান এৱাৰ্ডক প্ৰাণী কল্যাণ ক্ষেত্ৰৰ অন্যতম গুৰুত্বপূৰ্ণ স্বীকৃতি হিচাপে বিবেচনা কৰা হয়৷ এই সন্মান ইয়াৰ পূৰ্বে মাৰ্কিন প্ৰেছিডেণ্ট জন এফ কেনেডি আৰু বিল ক্লিনটনৰ দৰে ব্যক্তিৰ ওপৰিও শিল্পী চাৰ্লি মেকলেইন, জন ৱেন আৰু বেটি হোৱাইটক দিয়া হৈছে৷
গ্লোবেল হিউমেন ছচাইটিৰ মতে বন্যপ্ৰাণী পুনৰ্বাসনৰ কাম, প্ৰজাতি সংৰক্ষণ আৰু দীৰ্ঘম্যাদী সংখ্যাবৃদ্ধি পুনৰুদ্ধাৰ কাৰ্যসূচীৰ বাবে বনতাৰা এক মডেল হিচাপে প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত তেওঁৰ ভূমিকাৰ বাবে আম্বানিক নিৰ্বাচিত কৰা হৈছিল৷
গ্লোবেল হিউমেন লিডাৰশ্বিপ
অনুষ্ঠানত বক্তব্য ৰাখিবলৈ গৈ গ্লোবেল হিউমেন ছচাইটিৰ প্ৰেছিডেণ্ট আৰু চিইঅ’ ড০ ৰবিন গেনজাৰ্টে কয়, ‘বনতাৰা গ্লোবেল হিউমেন চাৰ্টিফাইড ডিছটিঙ্কছন প্ৰাপ্তি কেৱল যত্নৰ ক্ষেত্ৰত উৎকৰ্ষতাই নহয়, বৰং প্ৰতিটো প্ৰাণীক মৰ্যাদা, নিৰাময় আৰু আশা দিয়াৰ প্ৰতি গভীৰ নিষ্ঠাৰ প্ৰতিফলন৷ এই দৃষ্টিভংগীৰ ক্ষেত্ৰত অনন্ত আম্বানীৰ পৰা আমি আৰু কোনো ডাঙৰ ব্যক্তি বিচাৰি পোৱা নাই৷ অনন্ত আম্বানীয়ে তেওঁৰ কৰ্ম সমানুভৱতাৰ বাবে এক নতুন বৈশ্বিক মানদণ্ড স্থাপন কৰিছে৷’
তেওঁ লগতে কয়, ‘বনতাৰাই বিশ্বৰ যিকোনো স্থানত প্ৰাণী কল্যানৰ ক্ষেত্ৰত সকলোতকৈ অনন্য প্ৰতিশ্ৰুতিসমূহক প্ৰতিনিধিত্ব কৰে৷ ই এৰ উদ্ধাৰ কেন্দ্ৰই নহয় এখন অভয়াৰণ্যই৷ বনতাৰাৰ আঁৰত আছে তেওঁৰ উচ্চাকাঙ্খা, আধুনিক প্ৰাণীকল্যাণ কেনে হব পাৰে তাৰ বাবে এক নতুন চিন্তাৰে তেওঁ আগুৱাইছে৷
স্বীকৃতি লাভ কৰি কি কৈছে অনন্ত আম্বানীয়ে?
এই স্বীকৃতিক লৈ অনন্ত আম্বানীয়ে কয়, ‘এই পুৰস্কাৰে সংৰক্ষণক অগ্ৰাধিকাৰ দিয়াৰ গুৰুত্বক আৰু জোৰদাৰ কৰিব৷ মই এই সন্মানৰ বাবে গ্লোবেল হিউমেন ছচাইটিক ধন্যবাদ জনাইছো৷ মই সকলো প্ৰাণীৰ হিতৰ বাবে সদায়ে কাম কৰি যাবলৈ আৰু আগ্ৰহী হৈ উঠিছো৷’
তেওঁ লগতে কয়, ‘প্ৰাণীয়ে আমাৰ ভাৰসাম্য, নম্ৰতা আৰু বিশ্বাস শিকায়৷ বনতাৰাৰ মাধ্যমেৰে আমাৰ উদ্দেশ্যই হৈছে সেৱাৰ চেতনাৰে প্ৰতিটো জীৱনক মৰ্যাদা, যত্ন আৰু আশা দিয়া৷ সংৰক্ষণ আগন্তুক কালৰ বাবে নহয়, ই এটা ধৰ্ম পালন যি আমি আজিৰ পৰাই পালন কৰিব লাগিব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ


















