অসম লাইভ২৪ঃ ‘পবিত্ৰ ৰিস্তা’ চিৰিয়েলৰ ছেটতেই প্ৰথম দেখা। তাতেই প্ৰেমৰ আৰম্ভনি। তাৰপিছতেই ৬ বছৰে প্ৰেমৰ সম্পৰ্কত আছিল সুশান্ত সিং ৰাজপুত আৰু অংকিতা লেখাণ্ড। এটা ৰিয়েলিটি শ্ব’তেই অংকিতাক প্ৰেমৰ প্ৰস্তাৱ দিছিল অভিনেতা সুশান্ত সিং ৰাজপুতে। কিন্তু এম এছ ধোনীঃ দ্যা আনটোল্ড ষ্টৰীৰ সাফল্যৰ পাছতেই দুয়োৰে সম্পৰ্কত আউল লাগিবলৈ ধৰে। অৱশেষত ২০১৬ চনত সম্পৰ্ক ভাঙি যায় অংকিতা-সুশান্তৰ।
সম্পৰ্কত থকাৰ সময়ত প্ৰায়েই একেলগে আছিল অংকিতা-সুশান্ত। যিকোনো বলীউড পাৰ্টীয়েই হওক বা এৱাৰ্ড শ্ব’তেই হওক দুয়ো প্ৰতিসময়তে একেলগে। ইমান বেছি আন্তৰিকতা থকা এই সম্পৰ্কত কেনেকৈ ফাঁট মেলিল? কাৰ দোষ আছিল? এই বিষয়টোক লৈ বহুতেই জানিবলৈ আগ্ৰহীও। সুশান্তৰ মৃত্যুৰ পাছত ভাঙি পৰিলেও এই সন্দৰ্ভত কোনো কথাই কোৱা নাছিল অংকিতাই। অৱশেষত অংকিতাই দেশৰ অন্যতম বিতৰ্কিত ৰিয়েলিটি শ্ব’ত মুখ খুলিছে। বিগ বছ ১৭ৰ ঘৰত অংকিতাই বাৰে বাৰে সুশান্তৰ কথাকেই কৈছে।
অংকিতাই বিগ বছ ১৭ৰ ঘৰত সহ প্ৰতিযোগী মুনাৱাৰৰ আগত তেওঁলোকৰ সম্পৰ্ক ভঙাৰ কাৰণ প্ৰকাশ কৰিছে। অংকিতা-সুশান্তৰ সম্পৰ্ক ভঙাৰ খবৰত দুখী হৈছিল তেওঁলোকৰ অনুৰাগীও। অংকিতাই এই সন্দৰ্ভত কয়, ‘সুশান্তৰ সৈতে থকা সম্পৰ্কৰ বিচ্ছেদ হোৱাত এই বিষয়সমূহৰ পৰা ওলাই আহিবলৈকে মোৰ দুবছৰ সময় লাগিছিল। এই সম্পৰ্ক ভঙাৰ পাছত ময়েই কেৱল ভাঙি পৰিছিলো তেনে নহয়। মোৰ মা দেউতাৰ মোৰ দোষত দুখী হৈছিল। কিন্তু ২০২০ চনত সকলোকে কন্দুৱাই সুশান্ত গুচি গ’ল। সুশান্তৰ আকস্মিক মৃত্যুৱে মোকো জোঁকাৰি গ’ল। মই সকলো বাদ দি আকস্মিক প্ৰয়াণৰ পাছত তেওঁৰ পৰিয়ালৰ কাষত থিয় হওঁ।’
প্ৰাক্তন প্ৰেমিকৰ মৃত্যুৰ ন্যায় আজিও বিচাৰে অভিনেত্ৰী অংকিতাই। তেওঁলোকৰ বিচ্ছেদ কেনেকৈ হৈছিল সেই প্ৰসংগক লৈয়ো মুখ খুলিছে অংকিতাই। অংকিতাই কয়, ‘প্ৰকৃততে আমাৰ সম্পৰ্ক ভঙাৰ কোনো কাৰণেই নাই। সুশান্তৰ সফলতা দিনকদিনে বাঢ়ি থাকিল। চাৰিওফালে তেওঁৰ মানুহেই মানুহ। বহুতেই তেওঁক ভুল বুজিবলৈ আৰম্ভ কৰিলে। এক ৰাতিৰ ভিতৰতেই আমাৰ সম্পৰ্ক ভাঙি যায়। সেই নিশা মই সুশান্তৰ চকুত মোৰ প্ৰতি কোনো অনুকম্পা অথৱা আন্তৰিকতা দেখা নাছিলো।’
অংকিতাৰ সৈতে সম্পৰ্ক ভাঙি যোৱাৰ পাছত ৰিয়া চক্ৰবৰ্তীৰ সৈতে সম্পৰ্কত বান্ধ খাই সুশান্ত। যদিও অভিনেতা সুশান্তৰ মৃত্যুৰ কাৰণ হিচাপে ৰিয়াকেই বহুতে আঙুলি টোৱাই কিন্তু কাৰো হাতত এই বিষয়ে কোনো প্ৰমাণ নাই। ৰিয়াই সুশান্তৰ আত্মহত্যাৰ বাবে কাৰাবাসো খাটিব লগা হয়। কিন্তু এতিয়া সকলোবোৰ অতীতৰ অন্ধকাৰত হেৰাই গ’ল। সুশান্তৰ কথাবোৰো অনুৰাগীয়ে পাহৰিছে। নতুনকৈ জীৱনটো আৰম্ভ কৰিছে সুশান্তৰ দুই প্ৰেয়সী অংকিতা আৰু ৰিয়াই। প্ৰাক্তন প্ৰেয়সী অংকিতাই উদ্যোগপতি বিকি জৈনৰ সৈতে সংসাৰৰ পাতনি মেলিছে। এই বিবাহ যথেষ্ট সুখকৰ বুলি চৰ্চা হৈ থাকিলেও ৰিয়েলিটি শ্ব’ত কিন্তু বিকি আৰু অংকিতাৰ সম্পৰ্কত বিশেষ বুজাবুজি দেখা নাই প্ৰায়সংখ্যক দৰ্শকেই।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ