১৬ বাৰৰ বাবে কোপা আমেৰিকা আৰ্জেণ্টিনাৰ হাতত, খেলৰ মাজতে হুকহুকাই কান্দি উঠে মেছি, আন এগৰাকীয়ে ল’লে সন্যাস
১২০ মিনিটৰ ৰুদ্ধশ্বাস যুঁজ, কিন্তু সেই যুঁজৰ পৰিনাম বহু মিঠা। ১৬ সংখ্যক বাৰৰ বাবে কোপা আমেৰিকা খিতাপ দখল আৰ্জেণ্টিৰ। মিয়ামিৰ হাৰ্ড ৰক ষ্টেডিয়ামত আৰ্জেণ্টিনা আৰু কলম্বিয়াৰ মাজত অনুষ্ঠিত হয় কোপা আমেৰিকাৰ অন্তিমখন খেল আছিল আজি। য’ত লিয়নেল মেছিৰ দল আৰ্জেণ্টিনাই কলম্বিয়াক পৰাস্ত কৰি ১৬ সংখ্যক বাৰৰ বাবে এই খিতাপ দখল কৰিছে।
চূড়ান্ত খেলখনত আৰ্জেণ্টিনাই ১-০ গ’লত জয়লাভ কৰে। এটা সময়ত কলম্বিয়াৰ আধিপত্য মেচখনত দেখা গৈছিল যদিও মেচখনৰ শেষত আৰ্জেণ্টিনাই গ’ল দি ফাইনেলত জয়লাভ কৰিছিল।
চূড়ান্ত খেলখনত আৰ্জেণ্টিনা আৰু কলম্বিয়াৰ মাজত কঠোৰ প্ৰতিযোগিতাৰ সৃষ্টি হয়। প্ৰথম ৯০ মিনিট এটাও গ’ল নপৰাকৈ থাকে। পাছত ৩০ মিনিট বঢ়াই দিয়া হয়। খেলখনৰ ১১১ মিনিটত কোনো এটা দলৰ পৰা কোনো গ’ল দেখা নাযায়। ইয়াৰ পাছতে খেলখনৰ ১১২ মিনিটত এটা গ’ল দি আৰ্জেণ্টিনাক চেম্পিয়ন কৰি তুলিলে লাউটাৰো মাৰ্টিনেজে। ইয়াৰ লগে লগে কলম্বিয়াই দ্বিতীয়বাৰৰ বাবে এই খিতাপ দখল কৰাৰ আশা শেষ হৈ পৰে
খেল আৰম্ভ হোৱাৰ ৩৫ মিনিট পিছতেই আঘাতপ্ৰাপ্ত হয় আৰ্জেণ্টিনাৰ তাৰকা খেলুৱৈ তথা বিশ্বৰ শীৰ্ষ বাছনিৰ অন্যতম মেছি। চিকিৎসা কৰি খেলি থাকিলেও বুজা গৈছিল যে তেওঁ যথেষ্ট অসুবিধাত আছিল। খেল চলি থকাৰ ৬৬ মিনিটত পুনৰ সেই স্থানতে আঘাত পাই মেছিয়ে। তাৰপিছত আৰু খেলিবলৈ সক্ষম নহ’ল মেছি। খেলপথাৰ এৰিয়ে হুকহুকাই কান্দি উঠে মেছিয়ে।
আনহাতে কোপা আমেৰিকাৰ খিতাপ জয় কৰাৰ পাছত আৰ্জেণ্টিনাৰ এঞ্জেল ডি মাৰিয়াৰ কেৰিয়াৰৰো অন্ত পৰিল। যোৱা বছৰ এঞ্জেল ডি মাৰিয়াই অৱসৰৰ কথা ঘোষণা কৰিছিল, তাৰ পিছত এইখন আছিল তেওঁৰ শেষ প্ৰতিযোগিতা। আৰ্জেণ্টিনা চেম্পিয়ন হোৱাৰ লগে লগে আপ এঞ্জেল ডি মাৰিয়াই নিজৰ কেৰিয়াৰৰ অন্ত পেলায়।
এঞ্জেল ডি মাৰিয়াই নিজৰ কেৰিয়াৰত আৰ্জেণ্টিনাৰ হৈ ১৪৪খন মেচ খেলিছিল। য’ত তেওঁ ৩১টা গ’ল দিছিল। ২০২২ চনত বিশ্বকাপ জয়ী, ২০২১ চনত কোপা আমেৰিকা জয়ী, ইয়াৰ উপৰিও ২০০৮ চনৰ অলিম্পিকত সোণৰ পদক লাভ কৰা দলত এঞ্জেল ডি মাৰিয়াও আছিল।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ