দিল্লীত ষাঠিৰোৰ্ধৰ ব্যক্তিৰ বাবে নতুন প্ৰকল্প ঘোষণা কৰিলে আম আদমি পাৰ্টিৰ প্ৰধান অৰবিন্দ কেজৰীৱালে৷ নতুন প্ৰকল্পৰ নাম দিয়া হৈছে সঞ্জীবনী যোজনা৷ এই প্ৰকল্প অনুসৰি দিল্লীৰ সমস্ত ৬০ বা ৬০ৰ উৰ্ধৰ ব্যক্তিয়ে হাস্পাতালত পাব বিনামূলীয়া স্বাস্থ্য পৰিসেৱা৷ দুইৰ পৰা তিনি দিনৰ ভিতৰত এই প্ৰকল্পৰ ৰেজিষ্ট্ৰেচন আৰম্ভ হ’ব বুলিও জনাইছে কেজৰিৱালে৷
আপ নেতা আৰু কৰ্মীয়ে ঘৰে ঘৰে গৈ ৰেজিষ্ট্ৰেচন কৰাব৷ তাৰ পূৰ্বে আগন্তুক বিধানসভা নিৰ্বাচনত দিল্লীত আপ ক্ষমতালৈ আহিলেই এই প্ৰকল্প আৰম্ভ হ’ব৷ বুধবাৰে দিল্লীত আপৰ সদৰ দপ্তৰৰ এক অনুষ্ঠানত যোগ দিছিল কেজৰীয়ে৷ তাতেই বয়স্ক নাগৰিকসকলৰ বাবে সঞ্জীৱনী যোজনা ঘোষণা কৰিছে৷
কেন্দ্ৰৰ আয়ুষ্মান ভাৰত প্ৰধানমন্ত্ৰী জৱ আৰোগ্য যোজনা দিল্লীত আৰম্ভ কৰা হোৱা নাই৷ কিছু দিন পূৰ্বে দিল্লী হাই কৰ্টে এই বিষয়ত ক্ষমতাহীন আপ চৰকাৰৰ সমালোচনা কৰিছিল৷ কেন্দ্ৰৰ সেই প্ৰকল্প অনুসৰি বিভিন্ন হাস্পতালৰ পৰা ৫লাখ টকা পৰ্যন্ত চিকিৎসাৰ খৰচ লাভ কৰে নাগৰিকে৷ সেই প্ৰকল্পক অবাস্তৱ বুলি বাতিল কৰিছে আপ চৰকাৰে৷
দিল্লীৰ স্বাস্থ্যমন্ত্ৰী সৌৰভ ভৰদ্বাজে দাবী কৰিছে যে কেন্দ্ৰীয় প্ৰকল্পৰ তুলনাত আপ চৰকাৰৰ নতুন প্ৰকল্পৰ সুবিধা বহু বেছি৷ কাৰণ চিকিৎসাৰ বাবে পাঁচ লাখ টকাতকৈ বেছি অৰ্থৰ প্ৰয়োজন হ’লে কেন্দ্ৰৰ প্ৰকল্পৰ পৰা পোৱা নাযায়৷ আপ চৰকাৰৰ প্ৰকল্পত চিকিৎসাৰ বাবে প্ৰয়োজনীয় অৰ্থৰ কোনো ঊৰ্ধসীমা ৰখা হোৱা নাই৷ ফলত টকাৰ বাবে কাৰো চিকিৎসা ৰৈ নাযায়৷ দিল্লীৰ মন্ত্ৰীয়ে লগতে কয়, বিজেপিশাসিক ৰাজ্যসমূহৰ অন্তত ৫০শতাংশ ৰোগীয়ে দিল্লীৰ চৰকাৰী হাস্পতালত চিকিৎসাৰ বাবে আহে৷ ফলত কেন্দ্ৰীয় প্ৰকল্প এই ক্ষেত্ৰত কামত নালাগে বুলিও দাবী তেঁওৰ৷
আগন্তুক বছৰৰ আৰম্ভণিতেই দিল্লীত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ’ব৷ তাত কোনো জোটত নাথাকে আপ৷ দিল্লীত তেওঁলোকে অকলেই যুঁজ দিব৷ কিছু দিন পূৰ্বে কেজৰিৱালে জনাইছিল যে পাঁচ বছৰ পূৰ্বে ভোট দিয়াৰ তিনিটা প্ৰতিশ্ৰুতি তেওঁ এতিয়াও পূৰণ কৰা নাই৷ যমুনা দূষণ, জল সমস্যা আৰু ৰাস্তাৰ পৰিকাঠামোগত উন্নয়নক চিহ্নিত কৰিব তেওঁ৷ এই প্ৰতিশ্ৰুতি দিছে কেজৰিৱালেই৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ