অসম লাইভ ২৪ঃ ‘মন্নত’ত আজি আগতীয়া দীপাৱলী উদযাপন৷ সুদীৰ্ঘ ২৮ দিনৰ অন্তত পৰিয়ালৰ সৈতে মিলিত হৈছে আৰিয়ান খান৷ কাৰামুক্ত হ’ল আৰিয়ান খান৷ সুদীৰ্ঘ ২৮ দিনৰ অন্তত শনিবাৰে পুৱা মুকলি আকাশৰ তললৈ আহিল আৰিয়ান৷ পুত্ৰক আদৰিবলৈ ব্যাপক প্ৰস্তুতি ‘মন্নত’ত৷ আৰ্থাৰ ৰোড জে’লৰ পৰা শ্বাহৰুখ খানে ৫ খন গাড়ীৰে আদৰি আনিলে আৰিয়ান৷ আৰিয়ান খানৰ মুক্তিয়ে আনন্দৰ বন্যা বোৱাইছে বলীউডতো৷ অনুৰাগীৰ মাজতো আনন্দ-উল্লাস৷ ক্ৰুজ ড্ৰাগছ গোচৰত নাৰ্ক’টিকচ কণ্ট্ৰল ব্যুৰ’ই গ্ৰেপ্তাৰ কৰিছিল আৰিয়ানক৷ ৮ অক্টোবৰৰ পৰা আৰ্থাৰ ৰোড জে’লৰ কাৰাবন্দী হৈ আছিল আৰিয়ান খান৷ শুকুৰবাৰে আদালতে জামিন মঞ্জুৰ কৰিছিল যদিও কাৰাগাৰতে কটাবলগীয়া হৈছিল আৰিয়ানে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ