অসম লাইভ ২৪ঃ আজি আৰিয়ান খানৰ জামিনৰ শুনানিৰ দিন৷ বম্বে হাই ক’ৰ্টত গ্ৰহণ কৰিব জামিনৰ শুনানি৷ পূৰ্বে দুবাৰকৈ জামিন আৱেদন নাকচ কৰিছিল আদালতে৷ মুম্বাইৰ ক্ৰুজ শ্বিপ ড্ৰাগছ গোচৰত বিগত ৮ অক্টোবৰৰ পৰা কাৰাগাৰত আছে শ্বাহৰুখ খানৰ ২৩ বছৰীয়া পুত্ৰ আৰিয়ান খান৷ আদালতত আৰিয়ান খানৰ হৈ উপস্থিত থাকিব ভাৰতৰ প্ৰাক্তন এটৰ্নি জেনেৰেল মুকুল ৰ’হাটগি৷ যোৱা সপ্তাহত মুম্বাইৰ বিশেষ আদালতে আৰিয়ানৰ হোৱাটচ এপ চ্যেট পৰীক্ষণ কৰিছিল৷ এইসমূহৰ পৰা পোৱা তথ্য অনুসৰি আৰিয়নে নিষিদ্ধ ড্ৰাগছৰ লেনদেনত জড়িত আছিল৷ গতিকে জামিনত থকা সময়ছোৱাতো যে তেওঁ অনুৰূপ কাৰ্যত লিপ্ত নাথাকিব সেই সন্দৰ্ভতো প্ৰশ্ন উত্থাপন হৈছে৷ দিনে দিনে নতুন নতুন তথ্য পোহৰলৈ আহিছে আৰিয়ান খানৰ গোচৰ সন্দৰ্ভত৷ আৰিয়ানৰ হোৱাটচ এপ চ্যেটৰ ভুল ব্যাখ্যা আগবঢ়োৱা হৈছে বুলিও আৰিয়ানৰ অধিবক্তা সতীশ মানেচিন্দে আৰু অমিত দেশাইয়ে আদালতত সদৰী কৰিছিল৷ ঘটনা সন্দৰ্ভত নাৰ্ক’টিকচ কণ্ট্ৰ’ল ব্যুৰ’ই তদন্ত অব্যাহত ৰাখিছে সমগ্ৰ ঘটনাৰ বিৰুদ্ধে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ