‘উজনি অসমলৈ যাব নোৱাৰিব মিঞা, কোনো কাৰণতে মিঞাক দখল কৰিবলৈ দিয়া নহ’ব অসম’- মুখ্যমন্ত্ৰী
আজি ২৭ আগষ্ট তাৰিখ মঙলবাৰে অসম বিধানসভাৰ দ্বিতীয় দিনটোত উত্তাল হৈ পৰে সদনৰ মজিয়া। আজি সদনত প্ৰশ্নোত্তৰত মিঞা সন্দৰ্ভত গৰজি উঠে মুখ্যমন্ত্ৰী। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মিঞা সন্দৰ্ভত কয় যে, কোনো কাৰণতে মিঞাক অসম দখল কৰিবলৈ দিয়া নহ’ব।
‘উজনি অসমলৈ যাব নোৱাৰিব মিঞা, মিঞা মুছলমানক মই অসম দখল কৰিবলৈ নিদিওঁ, মই অসমীয়াৰ পক্ষত, অসমীয়াৰ হৈ মাত মাতিমেই।’ – বিধানসভাত আজি এইদৰে গৰজি উঠে মুখ্যমন্ত্ৰী। মিঞা মুছলমানে অসম দখল কৰিব বুলি বিৰোধীয়ে উল্লেখ কৰাৰ পিছতে মুখ্যমন্ত্ৰীয়ে হুংকাৰ দি এইদৰে কয়।
বিধানসভাৰ অধিৱেশনত ধিং কাণ্ড আৰু শিৱসাগৰৰ ঘটনাৰ বিষয় উত্থাপন হোৱাৰ পাছতে মুখ্যমন্ত্ৰীক উভতি ধৰাৰ চেষ্টা চলায় অখিল গগৈকে ধৰি বিৰোধী বিধায়কসকলে। মুখ্যমন্ত্ৰীয়ে ভাষণ দিবলৈ আৰম্ভ কৰাৰ লগে লগেই বিৰোধী বিধায়কসকলে ইটোৰ পিছত সিটো প্ৰসংগ উত্থাপন কৰি মুখ্যমন্ত্ৰীক ব্যতিব্যস্ত কৰি তোলাৰ চেষ্টা চলায়। যাক লৈ সদনত এক হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি হয়। সেই সময়তে মাৰ্শ্বেল লগাই সদনৰ পৰাও বাহিৰ কৰি দিয়া হয় অখিল গগৈক।
তেতিয়াই একপ্ৰকাৰৰ হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হয়। যাৰ বাবে মুখ্যমন্ত্ৰীয়ে বিৰোধীক উদ্দেশ্য কৰি প্ৰশ্ন কৰি সোধে যে, – গোটেই অসমখনেই ল’ব নেকি মিঞাসকলে।
লগতে ইয়াকো কয় যে, উজনি অসমলৈ এইদৰে মিঞা মুছলমান যদি আগ্ৰাসী ৰূপত যাই, তেন্তে মোৰ বাবে আইন শৃংখলা বজাই ৰখাটো সমস্যা হৈ পৰিব।
মুখ্যমন্ত্ৰীয়ে ইয়াকো সকীয়নি দিয়ে যে, ‘অসমীয়া মানুহে য’ত নিবিচাৰে তালৈ যাব নোৱাৰিব মিঞা’। উজনিলৈ যাব খোজা মিঞাক শেষ সকীয়নি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। উজনিত অসমীয়াৰ বিপক্ষে যোৱা মিঞাক অসম চৰকাৰে সুৰক্ষা নিদিয়ে বুলিও মন্তব্য কৰে।
উল্লেখ্য যে, আজি নগাঁও জিলাৰ মিঞাই উজনিলৈ মাছ পঠিওৱাটো বন্ধ কৰিম বুলি দিয়া হুংকাৰৰ বাবেই এইদৰে ক্ষোভ উজাৰে মুখ্যমন্ত্ৰীয়ে। উজনিলৈ মাছ বন্ধ কৰি অৰ্থনৈতিক অৱৰোধৰ দৰে মানসিকতা অহাৰ বাবেই মিঞাৰ বিৰুদ্ধে সদনত সৰৱ হৈ পৰিল মুখ্যমন্ত্ৰী।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ