বোকাখাতত শিহৰণকাৰী ঘটনা, নিজৰেই জী-জোঁৱাইয়ে কোঠাৰ ভিতৰত মজিয়া খান্দি বৃদ্ধা মাতৃক…
এইখন অসমতে সংঘটিত হৈছে এক শিহৰণকাৰী ঘটনা। জী-জোঁৱাইৰ নিকৃষ্ট মানসিকতাৰ বলি এগৰাকী দুৰ্ভগীয়া বৃদ্ধা মাতৃ। বৃদ্ধা মাতৃক হত্যা কৰি ঘৰৰ ভিতৰতে পুতি থলে জীয়েক আৰু জোঁৱায়েকে। বোকাখাতত সংঘটিত হৈছে এই শিহৰণকাৰী ঘটনা।
আৰক্ষীৰে সফল অভিযানৰ অন্তত এই সমস্ত ঘটনা পোহৰলৈ আহে। ঘৰৰ ভিতৰতে পুতি থোৱা অৱস্থাত উদ্ধাৰ বৃদ্ধা মাতৃৰ নিথৰ দেহ। এই ঘটনা বোকাখাতৰ পূৱ জ্যোতিনগৰৰ ।
আত্মীয় আৰু চুবুৰীয়াৰ মতে প্ৰায় ৭০ বছৰীয়া বৃদ্ধা শান্তি গোৱলাক হত্যা কৰিছে জীয়েক চম্পা গোৱালা আৰু জোঁৱাই দিলীপ ভূঁঞাই। বিগত ৩ টা দিন ধৰি সন্ধানহীন হৈ আছিল বৃদ্ধাগৰাকী।
বোকাখাত আৰক্ষীৰ এক সূত্ৰৰ খবৰ অনুসৰি যোৱা নিশা অভিযান চলাই ঘৰৰ ভিতৰতে পুতি থোৱা অৱস্থাত উদ্ধাৰ কৰে বৃদ্ধা গৰাকীৰ মৃতদেহ । এই সন্দৰ্ভত অধিক তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে।
আনহাতে আৰক্ষীয়ে অভিযুক্ত জী-জোঁৱাইৰ সন্ধানত নামি পৰিছে যদিও, বৰ্তমান পলাতক জীয়ৰী চম্পা গোৱলা আৰু জোঁৱাই দিলীপ ভূঁঞা।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ