অসম লাইভ ২৪ঃ আজি ৰাজ্যিক কেবিনেটে গ্ৰহণ কৰিলে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত। প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰাজেন গোহাঁই আৰু ড০ ননী গোপাল মহন্তক মন্ত্ৰীৰ মৰ্যাদা দিয়ে কেবিনেটে। ৰাজেন গোহাঁইক কেবিনেট মন্ত্ৰীৰ আৰু ড০ মহন্তক ৰাজ্যিক মন্ত্ৰীৰ মৰ্যাদা দিয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কেবিনেটে। গোহাঁইক খাদ্য আৰু অসামৰিক যোগান নিগমৰ অধ্যক্ষ আৰু মহন্তক শিক্ষা উপদেষ্টা নিযুক্তি দিছে কেবিনেটে। ইয়াৰ উপৰিও আজিৰ কেবিনেটত গ্ৰহণ কৰা হয় আন কেতবোৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত।
ৰাজ্যিক কেবিনেটৰ কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত-
- চৰকাৰী অনুষ্ঠান সমূহত যিহেতু চাহৰ সৈতে থলুৱা পিঠা-পনাৰে আপ্যায়নৰ ব্যৱস্থা আছে সেয়ে সান্দহগুৰিৰ জলপানেৰে আজিৰ কেবিনেটত আপ্যায়ন কৰা হয়।
- একচনীয়া আৰু তৌজী পট্টা থকা লোকৰ বাবে PM কিষান নিধিৰ ধন আগবঢ়োৱা হ’ব।
- বনাঞ্চল অধিকাৰ আইনৰ অধীনত যোগ্য কৃষকসকলে লাভ কৰিব চৰকাৰৰ
- ভূমিহীন কৃষক,ক্ষুদ্ৰ চাহ খেতিয়কেও লাভ কৰিব PM কিষান নিধিৰ সুবিধা।
- PM কিষান নিধিৰ ভুৱা হিতাধিকাৰীৰ নাম আতঁৰাই দিয়া হৈছে।
- এতিয়াৰে পৰা প্ৰতিখন জিলাতে District Vigilance and Monitoring Committee গঠন হ’ব। এই কমিতিয়ে জিলাখনৰ শৈক্ষিক ক্ষেত্ৰত সামগ্ৰিক পৰিৱেশ পৰ্যায়লোচনা কৰিব। জিলা পৰিষদৰ সভাপতি হ’ব এই কমিতিৰ অধ্যক্ষ। লগতে সদস্য হিচাপে থাকিব বিভিন্ন বিভাগ আৰু প্ৰশাসনৰ বিষয়াসকল।
- ব্লকসমূহতো District Vigilance and Monitoring Committee গঠন হ’ব।আঞ্চলিক পঞ্চায়তৰ সভাপতিগৰাকী এই কমিতিৰ অধ্যক্ষ হ’ব। বিডিঅ’ হ’ব এই কমিতিৰ উপাধ্যক্ষ।
- নদীৰ পলসুৱা মাটি উঠোৱাৰ ক্ষেত্ৰত পূৰ্বতে থকা জটিলতা আঁতৰাই জিলা উপায়ুক্তসকলক নদীৰ পলসুৱা মাটি উঠোৱাৰ অনুমতি,আবণ্টনৰ কৰ্তৃত্ব কেবিনেটে প্ৰদান কৰিছে।
- প্ৰশাসনীয় সংস্কাৰৰ ক্ষেত্ৰতো কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত। ৩ টা পৰ্যায়ত একোখনকৈ বিশেষ কমিতি গঠন।
- প্ৰতিটো চৰকাৰী বিভাগত একোখনকৈ বিভাগীয় Finance কমিতি থাকিব। ২ কোটিলৈকে এই কমিতিয়ে যিকোনো প্ৰকল্পৰ অনুমোদন দিব পাৰিব।
- Standing Finance কমিতিয়ে ২ কোটিৰ পৰা ১০ কোটিলৈকে প্ৰকল্পৰ অনুমোদন দিব পাৰিব।
- Special Standing Finance কমিটিয়ে ১০ কোটিৰ পৰা ১০০ কোটিলৈকে প্ৰকল্পৰ অনুমোদন দিব পাৰিব।
- প্ৰতি সোমবাৰে বিভাগীয় Finance কমিটিৰ বৈঠক হ’ব, মঙ্গলবাৰে Standing Finance কমিতিৰ বৈঠক হ’ব আৰু বৃহস্পতিবাৰে Special Standing Finance কমিতিৰ উচ্চস্তৰীয় বৈঠক হ’ব।
- আজি কেবিনেটে মুখ্যমন্ত্ৰীয়ে বিধানসভাৰ মজিয়াত দিয়া এক উত্তৰ অনুসৰি এতিয়াৰে পৰা এটা নতুন বিভাগ সৃষ্টি হ’ল। বিভাগটোৰ হৈছে Indigenous Tribal Faith & culture। ইয়াৰ অধীনত প্ৰত্নতত্ব বিভাগ, মিউজিয়াম আৰু পুৰাতত্ব বিভাগ অন্তৰ্ভুক্ত হ’ব।
- প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী, প্ৰাক্তন সাংসদ ৰাজেন গোহাঁইক Assam Food & Civil Supply corporation limitedৰ অধ্যক্ষ দিয়া হৈছে। তেখেতক কেবিনেট মৰ্যদা দিয়া হৈছে।
- গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক ড° ননীগোপাল মহন্তক শিক্ষা বিভাগৰ উপদেষ্টাৰ দায়িত্ব দিয়া হৈছে। তেওঁক ৰাজ্যিক মন্ত্ৰীৰ মৰ্যদা দিয়া হৈছে।
- জল-জীৱন মিছনৰ অধীনত বাগিছাৰ প্ৰতি ঘৰ শ্ৰমিকে লাভ কৰিব বিশুদ্ধ খোৱাপানীৰ যোগান।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ