অসম লাইভ২৪ঃ এই বাকযুদ্ধৰ আৰম্ভণি হৈছিল কংগ্ৰেছৰ সভাপতি নিৰ্বাচনৰ পৰাই। ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু শশী থাৰুৰৰ এই বাকযুদ্ধ আজিও অন্ত পৰা নাই। সভাপতি নিৰ্বাচনৰ সময়ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছিল, এহেজাৰ জন সাহসী কংগ্ৰেছীয়ে শশী থাৰুৰক ভোট দিছে। আগন্তুক সময়ত এই সাহসী নেতাই বিজেপিত যোগ দিব।’ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই মন্তব্যৰ প্ৰত্তুত্বৰ দিছে শশী থাৰুৰে। শশী থাৰুৰে কয়, ‘বুকুত সাহস থাকিলে বিজেপিলৈ কোনো নাযায়।’
শনিবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ মন্তব্যত কৈছিল, ‘কংগ্ৰেছে তথাকথিত সভাপতি নিৰ্বাচনৰ বহু আগতেই ফলাফল জানিছিল। কংগ্ৰেছত গণতান্ত্ৰিক মানসিকতাৰ মানুহ মাত্ৰ হাজাৰজনহে আছে। যিসকলে থাৰুৰক ভোট দিছিল।’ উল্লেখ্য যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছ দলত দীৰ্ঘদিন ধৰি আছিল। কিন্তু মোদী ঢৌ অসমতো প্ৰৱেশ কৰাৰ সময়তে তেওঁ বিজেপি দলত যোগদান কৰে। এসময়ত কংগ্ৰেছ দলটোত থকাৰ বাবেই কংগ্ৰেছৰ দলীয় ৰাজনীতিৰ বিষয়ে তেওঁ জ্ঞাত বুলিও বহু সময়ত মন্তব্যত উল্লেখ কৰি আহিছে।
বিগত ১৭ অক্টোবৰত কংগ্ৰেছৰ সভাপতি নিৰ্বাচন আছিল। নিৰ্বাচনত শশী থাৰুৰ আৰু মল্লিকাৰ্জুন খড়্গেৰ মাজত সভাপতিৰ যুঁজ চলিছিল। প্ৰায় আঢ়ৈ দশকৰ অম্ততঃ কংগ্ৰেছৰ সভাপতি নিৰ্বাচন অনুষ্ঠিত হৈছিল, যি নিৰ্বাচনত গান্ধী পৰিয়ালৰ কোনোৱে অংশগ্ৰহণ কৰা নাছিল। ভোটগণনাত দেখা গৈছিল যে শশী থাৰুৰে মাত্ৰ ১০৭২ টা ভোট লাভ কৰিছিল। থাৰুৰৰ বিপৰীতে খড়্গে লাভ কৰিছিল ৭৮৯৭ টা ভোট। শশীৰ পক্ষতেই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছিল যদিও শশীয়ে ওভতাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকেই আক্ৰমণ কৰে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















