বানৰ সংহাৰী ৰূপ, বৰ্তমানলৈ ১৭ পশুধন আৰু ৪৬ গৰাকী লোকে হেৰুৱালে প্ৰাণ, এতিয়াও ২৯ জিলা পানীৰ তলত
ৰাজ্যত ক্ৰমে অধিক বেয়াৰ ফালে ঢাল খাইছে বান পৰিস্থিতি। ৰাজ্যৰ ২৯ খনকৈ জিলা বৰ্তমানে পানীৰ তলত। ২৯ জিলাৰ ২,৮০০খন গাঁও বানৰ কৱলত। কেৱল গাঁওৱে নহয়, অভয়াৰণ্য, বনাঞ্চল আদিয়ো পানীৰ তলত। যাৰ ফলত বিলৈ বিপত্তি নোহোৱা হৈছে মানুহৰ লগতে অমাত জীৱৰ।
https://x.com/Spearcorps/status/1807761772792947063
প্ৰশাসনৰ ফালৰ পৰা সদৰি কৰা তথ্য অনুসৰি বানৰ ফলত বৰ্তমানলৈ প্ৰাণ হেৰুওৱা লোকৰ সংখ্যা ৪৬ গৰাকী । অন্যহাতে কেৱল কাজিৰঙাতে বানৰ ফলত প্ৰাণ হেৰুৱাইছে ১৭ টিকৈ বন্যপ্ৰাণীয়ে। ঘৰুৱা জীৱ-জন্তুৰ মৃত্যুৰ সংখ্যা বৰ্তমানেও পোহৰলৈ অহা নাই।
এই বানত ক্ষতিগ্ৰস্ত হৈছে মুঠ ১৬ লাখ ২৫ হাজাৰ ৮৯ গৰাকী লোক। ইয়াৰ ভিতৰত আছে ৬,৭৬,৪১১ গৰাকী পুৰুষ, ৫,৭৬,২৬৫ গৰাকী মহিলা, ৩,৭২,৪১৩ টা শিশু। বান পীড়িত ৰাজহ চক্ৰৰ সংখ্যাও মঙ্গলবাৰৰ ৮৪ টাৰ পৰা বুধবাৰে ১০৫ টালৈ বৃদ্ধি পাইছে।
https://x.com/VoiceOfAxom/status/1808765201329836193
ইয়াৰোপৰি ৰাজ্য চৰকাৰে এই পৰ্যন্ত মুঠ ৫১৫ টা বান সাহায্য শিবিৰ স্থাপন কৰিছে। এই সাহায্য শিবিৰত এই পৰ্যন্ত ২৫ হাজাৰ ৭৪৪ গৰাকী লোকে আশ্ৰয় গ্ৰহণ কৰিছে। আনহাতে কেৱল সাহায্য বিতৰণ কেন্দ্ৰ স্থাপন কৰা হৈছে ২৫ হাজাৰ ২৪৬ টা।
বানৰ কবলত থকা জিলা কেইখন ক্ৰমে গোৱালপাৰা, নগাঁও, নলবাৰী, কামৰূপ, মৰিগাঁও, ডিব্ৰুগড়, শোণিতপুৰ, লক্ষিমপুৰ, দক্ষিণ শালমাৰা, ধুবুৰী, যোৰহাট, চৰাইদেউ, হোজাই, কৰিমগঞ্জ, শিৱসাগৰ, বঙাইগাঁও, বৰপেটা, ধেমাজি, হাইলাকান্দি, গোলাঘাট, দৰং, বিশ্বনাথ, কাছাৰ, কামৰূপ মেট্ৰ’, তিনিচুকীয়া, কাৰ্বি আংলং, চিৰাং, পশ্চিম কাৰ্বি আংলং, মাজুলি।
https://x.com/TrideepL/status/1808572608847188396
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ