একেলগে চাৰিদিন চৰকাৰী বন্ধ
একেলগে ৪ দিনকৈ কাৰ্যালয় বন্ধ পাব একাংশ চৰকাৰী চাকৰিয়ালে। হোলীৰ মাজতে পাব এই বন্ধ । সকলো চৰকাৰী কাৰ্যালয়ে বন্ধ থাকিব একেলেথাৰিয়ে ৪ দিন।
অহা ২৩, ২৪, ২৫ আৰু ২৬ মাৰ্চ তাৰিখ ক্ৰমে শনিবাৰ, দেওবাৰ, সোমবাৰ আৰু মঙলবাৰে চৰকাৰী চাকৰিয়ালে পাব এই বন্ধ। অৱশ্যে এই বন্ধ কেৱল কামৰূপ মহানগৰৰ ক্ষেত্ৰতহে প্ৰজোয্য হ’ব।
শনিবাৰে মাহটোৰ চতুৰ্থ শনিবাৰৰ বাবে বন্ধ থাকিব চৰকাৰী কাৰ্যালয়। তাৰ পাছত দেওবাৰ। তাৰ পাছতে সোমবাৰ ২৫ তাৰিখে হোলী উপলক্ষে বন্ধ থাকিব অসমৰ সকলো চৰকাৰী কাৰ্যালয়।
তাৰ লগতে মঙলবাৰ ২৬ মাৰ্চ তাৰিখে বিগত বৰ্ষ বোৰৰ দৰে এইবেলিয়ো কামৰূপ মহানগৰ জিলা প্ৰশাসনে ঘোষণা কৰিছে স্থানীয় বন্ধৰ। যাৰ বাবেই এইবাৰ কামৰূপ (ম) জিলাৰ চৰকাৰী কৰ্মচাৰীয়ে লাভ কৰিব একেলগে ৪ দিন বন্ধ।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















