• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
এই চৰকাৰৰ আমোলত সুৰক্ষিত নে খিলঞ্জীয়াৰ স্বাৰ্থ?

এই চৰকাৰৰ আমোলত সুৰক্ষিত নে খিলঞ্জীয়াৰ স্বাৰ্থ?

5 years ago
কাইলৈ ভাগ্যৰ দুৱাৰ মুকলি হ’ব ৫ ৰাশিৰ! লাভ, চাকৰি-ব্যৱসায় আৰু সফলতাৰ যোগ

কাইলৈ ভাগ্যৰ দুৱাৰ মুকলি হ’ব ৫ ৰাশিৰ! লাভ, চাকৰি-ব্যৱসায় আৰু সফলতাৰ যোগ

13 hours ago
8th Pay Commission: মৌলিক দৰমহা ৬৫% বৃদ্ধিৰ প্ৰস্তুতি? HRA, TA আৰু DA একত্ৰীকৰণে সলাব আপোনাৰ পে-স্লিপ

8th Pay Commission: কিমান বাঢ়িব কেন্দ্ৰীয় কৰ্মচাৰীৰ দৰমহা? আহিছে ডাঙৰ আপডেট

13 hours ago
Shruti Haasan: ‘পুৰুষৰো হওক মাহেকীয়া …’, শ্ৰুতি হাছানে কিয় কৰিলে এনে প্ৰাৰ্থনা?

Shruti Haasan: ‘পুৰুষৰো হওক মাহেকীয়া …’, শ্ৰুতি হাছানে কিয় কৰিলে এনে প্ৰাৰ্থনা?

14 hours ago
জুবিনে ৪০টা ভাষাত ৩ হাজাৰ গান গাইছিল!’, জুবিন গাৰ্গক লৈ মন্তব্য কৰি বিপদত বিধায়ক বিজয় গুপ্তা

জুবিনে ৪০টা ভাষাত ৩ হাজাৰ গান গাইছিল!’, জুবিন গাৰ্গক লৈ মন্তব্য কৰি বিপদত বিধায়ক বিজয় গুপ্তা

14 hours ago
বন্ধ হ’ব ৰন্ধন গেছৰ বুকিং, যদি কৰা নাই E-KYC, পূজাৰ পূৰ্বে কেন্দ্ৰীয় মন্ত্ৰালয়ৰ ডাঙৰ নিৰ্দেশ

বন্ধ হ’ব ৰন্ধন গেছৰ বুকিং, যদি কৰা নাই E-KYC, পূজাৰ পূৰ্বে কেন্দ্ৰীয় মন্ত্ৰালয়ৰ ডাঙৰ নিৰ্দেশ

15 hours ago
আজি সৌভাগ্যৰ আগমণ ঘটিব আপোনাৰ জীৱনত, জানক দৈনিক ৰাশিফল

সপোন হ’ব ভংগ, জীৱনে ল’ব গতি! কাইলৈ কোন ৰাশিৰ বাবে আহিব শুভ সুযোগ?

15 hours ago
কেন্দ্ৰীয় চৰকাৰৰ ধামাকা আঁচনি, মাহে মাত্ৰ ৪২ টকা সঞ্চয়ৰে অৱসৰৰ পিছত কৰক আনন্দ!

কেন্দ্ৰীয় চৰকাৰৰ ধামাকা আঁচনি, মাহে মাত্ৰ ৪২ টকা সঞ্চয়ৰে অৱসৰৰ পিছত কৰক আনন্দ!

16 hours ago
ল’ৰা নে ছোৱালী? দ্বিতীয় সন্তানৰ পিতৃৃ-মাতৃ হ’ল ৰণবীৰ-দীপিকা, সকলোৱে দিলে শুভেচ্ছা

ল’ৰা নে ছোৱালী? দ্বিতীয় সন্তানৰ পিতৃৃ-মাতৃ হ’ল ৰণবীৰ-দীপিকা, সকলোৱে দিলে শুভেচ্ছা

17 hours ago
কোষ্ঠকাঠিন্য আৰু পাচনতন্ত্ৰৰ সমস্যাৰ পৰা পাব উপশম, যদি খায় এই পাত!

কোষ্ঠকাঠিন্য আৰু পাচনতন্ত্ৰৰ সমস্যাৰ পৰা পাব উপশম, যদি খায় এই পাত!

17 hours ago
‘আজি ৰাজ্যিক বন্ধ হ’ব লাগিছিল!’, জুবিন দিৱসৰ দিনটোত অনুৰোধ কণ্ঠশিল্পী জুবলীৰ

‘আজি ৰাজ্যিক বন্ধ হ’ব লাগিছিল!’, জুবিন দিৱসৰ দিনটোত অনুৰোধ কণ্ঠশিল্পী জুবলীৰ

18 hours ago
জুবিন গাৰ্গৰ স্মৃতিত মানৱতাৰ সেৱা: বানপীড়িত ২৩৭ ছাত্ৰ-ছাত্ৰীক ইউনিফৰ্ম আৰু বহী বিতৰণ সেউজী বসুন্ধৰাৰ

জুবিন গাৰ্গৰ স্মৃতিত মানৱতাৰ সেৱা: বানপীড়িত ২৩৭ ছাত্ৰ-ছাত্ৰীক ইউনিফৰ্ম আৰু বহী বিতৰণ সেউজী বসুন্ধৰাৰ

19 hours ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, ৫ টা ৰাশিয়ে লাভ কৰিব কেৰিয়াৰত উন্নতি

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, বৃষ ৰাশিকে ধৰি ৫ ৰাশিৰ সম্পূৰ্ণ হ’ব আধৰুৱা কাম!

20 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, September 20, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home লেখা

এই চৰকাৰৰ আমোলত সুৰক্ষিত নে খিলঞ্জীয়াৰ স্বাৰ্থ?

editor by editor
January 3, 2022
in অসম, গুৱাহাটী, ৰাজনীতি, লেখা
0
এই চৰকাৰৰ আমোলত সুৰক্ষিত নে খিলঞ্জীয়াৰ স্বাৰ্থ?
0
SHARES
180
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

এই চৰকাৰৰ আমোলত সুৰক্ষিত নে খিলঞ্জীয়াৰ স্বাৰ্থ?

ভাৰতবৰ্ষ স্বাধীন হোৱাৰ বৰ্তমান পয়সত্তৰ বছৰ সম্পূৰ্ণ হ’ল। এই পয়সত্তৰ বছৰৰ ভিতৰত প্ৰকৃতাৰ্থত এখন অগতানুগতিক ,অভূতপূৰ্ব  চৰকাৰ  অসমত গঠন হৈছে।  আমাৰ দৃষ্টিত অগতানুগতিক ,অভূতপূৰ্ব এই শব্দ দুটাৰ বাস্তৱ প্ৰয়োগ চৰকাৰখনৰ কামকাজবোৰত স্পষ্ট হৈ ধৰা দিছে।

আমাৰ সৰ্বসাধাৰণ মানুহখিনিৰ মনত কেৱল গতানুগতিক কথাবোৰ মিডিয়াবোৰত প্ৰচাৰ হোৱাৰ বাবে বাতৰিবোৰৰ প্ৰতি লাহে লাহে অনীহা আহিছিল। কিন্তু এই চৰকাৰখনে শপত লোৱা দিনৰে পৰা আমাৰ মানুহখিনিয়ে জাতিসত্ত্বাক উজ্জীৱিত কৰিব পৰা যে এটা বাতৰি দিনটোত আহিব পাৰে তাৰ বাবে বাতৰিবোৰৰ প্ৰতি আগ্ৰহী হ’বলৈ আৰম্ভ কৰিলে। কাৰণ প্ৰতিটো দিনতেই চৰকাৰে এটা এটা আশাব্যঞ্জক বতৰা জনতাৰ বাবে কঢ়িয়াই আনিছে। বাতৰিৰ প্ৰতি জনসাধাৰণৰ আগ্ৰহৰ বাতাবৰণ সৃষ্টি কৰাৰ অন্তৰালত বৰ্তমান চৰকাৰখনক নিশ্চিতভাৱে কৃতিত্ব দিব লাগিব। অৰ্থাৎ প্ৰতিটো দিনৰ মুখ্য বাতৰি সমূহৰ ভিতৰত চৰকাৰে এটা হ’লেও জনসাধাৰণৰ বাবে ধনাত্মক খবৰ দিয়াৰ বাতৰি থাকে। মানুহৰ মনত ছপা মাধ্যমৰেই প্ৰতিয়েই হওক বা ইলেকট্ৰ’নিক মাধ্যমৰ প্ৰতিয়েই হওক বিগত চৰকাৰসমূহে বিয়পায় থোৱা নেতিবাচক ধাৰণাবোৰ যোৱা চৰকাৰখনৰ কাৰ্যপন্থাৰ পৰা লাহে লাহে আঁতৰি এই চৰকাৰখনৰ দিনত সেই ধাৰণা সম্পূৰ্ণৰূপে নোহোৱা হ’ল।

চৰকাৰৰ প্ৰতিখন কেবিনেটৰ সিদ্ধান্তক লৈ জনতাৰ উৎসূকতা দিনে দিনে বাঢ়ি গৈছে। যিহেতু প্ৰতি সপ্তাহত এখনকৈ কেবিনেট বৈঠক হয় আৰু সেই কেবিনেট বৈঠকখনৰ পৰা কমেও পাঁচটা ধনাত্মক খবৰ জনতাৰ বাবে আহে। আচলতে সেই সিদ্ধান্তসমুহ মনোগ্ৰাহী হোৱাৰ কাৰণ এটাই সিদ্ধান্তসমুহ কাৰ্যকৰী কৰিব পৰা বিধৰ সিদ্ধান্ত, বিশেষ জটিলতা নথকাকৈয়ে।

বিশেষ আৰু এটা কথা লক্ষণীয় যে যোৱা চৰকাৰৰ দিনৰ পৰাই ৰাইজ আৰু ৰজাৰ দূৰত্ব বহু কমি গৈছে। জনতাই নিজৰ সুবিধা-অসুবিধাবোৰ মুক্তভাৱে তেখেতসকলৰ জনপ্ৰতিনিধি তথা বিধায়কৰ পৰা মুখ্যমন্ত্ৰীলৈকে ব্যক্ত কৰিব পৰা পৰিবেশ এটা সুলভ হৈ পৰিছে। যিকোনো এজন সাধাৰণ মানুহৰ বাবে চাইৰেণ বজোৱা ৰঙা লাইটৰ গাড়ীৰ ভিতৰৰ থকা সেই বিধায়ক বা মন্ত্ৰীজনক পথৰ কাষত ৰৈ দেখা পোৱা কথাটোকে পৰম সৌভাগ্যৰ কথা বুলি ভবা দিনবোৰ লাহে লাহে বিস্মৃতিৰ গৰ্ভলৈ গুছি গৈছে। এতিয়াৰ জনপ্ৰতিনিধিয়ে ৰাইজেহে ৰজা পাতিছে ,গতিকে ৰজাই ৰাইজৰ মনৰ খবৰবোৰ ল’বলৈ আগ্ৰহী হ’ব লাগিব মানসিকতাৰে ৰাইজৰ ওচৰ চাপিছে। আগৰ চৰকাৰসমূহৰ দিনৰ “দেৱৰো দুৰ্লভ মন্ত্ৰী মহোদয়” এতিয়া জনতাৰ মৰমৰ , আদৰৰ দাদা , মামা হৈ পৰিছে। মন্ত্ৰী হোৱাৰ আভিজাত্যৰ গোড়ামি , অহংকাৰ পৰিহাৰ কৰি বৰ্তমানৰ জনপ্ৰতিনিধি জনতাৰ বিপদে-সম্পদে জনতাৰ কাষত থিয় দিছে । এই কথাটোৰ দ্বাৰা চৰকাৰখনে জনতাৰ কাষলৈ আন এক ভালবাৰ্তা কঢ়িয়াই আনিছে। গাঁৱৰ এজন সহজ সৰল হোজা ব্যক্তিয়েও সেয়েহে পোনপটীয়াকৈ মন্ত্ৰীক লগ ধৰি নিজৰ সুবিধা-অসুবিধাখিনি ব্যক্ত কৰিব পৰা সময় অহাটো এক আশাব্যঞ্জক কথা। ৰাজ্যখনৰ বিভিন্ন জিলাত কেবিনেট মিটিংৰ কাৰ্যসূচীয়ে জিলাবোৰৰ লগত দিছপুৰৰ দূৰত্ব কমাই অনা কথাটোও নোহোৱা নহয়।

মন্ত্ৰী-বিধায়কৰ সাক্ষাৎৰ বাবে থকা মধ্যভোগী , দালাল শ্ৰেণীটোৰ বিলুপ্তি সাধনে অতি ভিতৰুৱা অঞ্চলৰ জনতাই অঞ্চলটোৰ উন্নয়নৰ প্ৰসংগত পোনপটীয়াকৈ চৰকাৰক অৱগত কৰি অসমৰ বহু ভিতৰুৱা অঞ্চলে উন্নয়নৰ পোহৰ দেখিবলৈ সক্ষম হৈছে।

ভাৰতীয় জনতা পাৰ্টিৰ নিৰ্বাচনৰ আগত “সংকল্প পত্ৰ” নামেৰে যিখন দলীয় ইস্তাহাৰ উলিয়াইছিলে তেতিয়া বিৰোধীৰ কিছুমান কথাৰ উত্তৰত বৰ্তমান অসমৰ মুখ্যমন্ত্ৰী  হিমন্ত বিশ্ব শৰ্মাই কৈছিল যে সংকল্প পত্ৰখন ৰাইজৰ বাবেহে উলিওৱা হৈছে , বিৰোধীৰ বাবে উলিওৱা হোৱা নাই। গতিকে যদি কামখিনি হোৱা নাই ৰাইজে পোনপটীয়াকৈ আমাক জবাবদিহি কৰিব পাৰিব ,ইয়াত বিৰোধীৰ কথা নাই । সেয়েহে বিজেপিৰ ৰাইজৰ লগত পোনপটীয়া সংযোগৰ কথা অনুভৱ কৰিয়েই ৰাইজে বিজেপিকে শাসনলৈ আনিলে। আগৰ নিৰ্বাচনী ইস্তাহাৰ সম্পৰ্কে মানুহৰ ধাৰণা আছিল ৰাজনৈতিক চমক সৃষ্টি কৰা এখন কিতাপ ,যাৰ গুৰুত্ব কেৱল নিৰ্বাচনৰ আগতহে থাকে। কিন্তু বিজেপি চৰকাৰে নিৰ্বাচনী ইস্তাহাৰখন কাৰ্যকৰী কৰি দেখুৱাই জনতাৰ এটা ধাৰণাৰ পৰিৱৰ্তন কৰিলে। “সংকল্প পত্ৰ” নাম দি লোৱা সংকল্পবোৰ জনতাই অনুভৱ কৰিব পৰা হ’ল। গণতন্ত্ৰত কোনো চৰকাৰেই স্থায়ী নহয় । চৰকাৰ আহিব আৰু যাব , কিন্তু কাম-কাজবোৰৰ পাৰ্থক্যই জনতাৰ মনত সাঁচ বহুৱাই থাকিব।

ভাৰতবৰ্ষৰ উত্তৰ-পূৱৰ আমাৰ “অসম” অতি স্পৰ্শকাতৰ অঞ্চল। অসমৰ মানুহৰ বুকুত ৰাষ্ট্ৰবাদৰ ধাৰণাটো লাহে লাহে নোহোৱা কৰিবলৈ একপক্ষ উঠি পৰি লাগিছিল। কিন্তু যোৱা চৰকাৰখনৰ দিনৰ পৰা অসমৰ অসমীয়াসকলৰ বুকুত থকা ৰাষ্ট্ৰবাদৰ শিপাডালে সাৰ-পানী পায় লহপহকৈ বাঢ়ি বৰ্তমান ফলে ফুলে জাতিষ্কাৰ হ’বলৈ আৰম্ভ কৰিছে। অসমৰ মানুহে অনুভৱ কৰিছে সমগ্ৰ শৰীৰটো হৈছে ৰাষ্ট্ৰখন আৰু সেই শৰীৰৰ অংগবোৰহে ৰাজ্য। এটা অংগ নোহোৱাকৈ শৰীৰটো বাচি থাকিব , কিন্তু ছিন্ন অংগটো কাৰ্যক্ষম হৈ নাথাকিব। অসমৰ মানুহখিনিৰ স্থানীয় তথা আঞ্চলিক আবেগক সন্মান কৰি কি ধৰণে আমাৰ মনত ৰাষ্ট্ৰবাদটো শক্তিশালী কৰিব পাৰি সেয়া চৰকাৰখনে হাতে-কামে দেখুৱাই দিছে।

স্বাধীনতাৰ পয়সত্তৰ বছৰৰ পাছত অসমত খিলঞ্জীয়া সংস্কৃতি-পৰম্পৰাক সন্মান কৰি চৰকাৰী এটা নতুন বিভাগ বনাই দিলে এই চৰকাৰখনে। যাৰ ফলত এশবছৰ ধৰি খ্ৰীষ্টান মিছনেৰীয়ে লক্ষ্য কৰি লোৱা অসমৰ খিলঞ্জীয়া জাতি-জনগোষ্ঠীক শিপাৰ পৰা বিচ্ছিন্ন কৰি ধৰ্মান্তৰিত কৰাৰ যি কৌশল সেই কৌশল ওফৰাই বৰ্তমানৰ চৰকাৰখনে খিলঞ্জীয়া জাতি জনগোষ্ঠীসমূহক নিজৰ নিজৰ সংস্কৃতি পৰম্পৰাৰে সসন্মানেৰে জীৱন নিৰ্বাহ কৰাৰ ব্যৱস্থা কৰিলে। এতিয়াৰ পৰা খিলঞ্জীয়া জাতি-জনগোষ্ঠীসমুহৰ আচাৰ আচৰণ, কৃষ্টি ,পৰম্পৰা চৰকাৰীভাৱে সুৰক্ষা, সংৰক্ষণ আৰু সংবৰ্দ্ধনৰ ব্যৱস্থা হ’ল। ফলত এশবছৰজুৰি চলি থকা এক বৃহৎ অভিসন্ধিৰ হাঠিয়াৰবোৰ শক্তিহীন হৈ পৰিল। চৰকাৰখনৰ এই পদক্ষেপ অত্যন্ত আদৰণীয়, ইতিহাসে এই কথা সদায় মনত ৰাখিব। অসমৰ খিলঞ্জীয়াৰ পৰিচয় সংকটৰ সময়ত চৰকাৰৰ এই সিদ্ধান্ত এক মাইলৰ খুঁটি হৈ থাকিব। ইতিমধ্যে আমাৰ বহু জাতি ,জনগোষ্ঠী ,ভাষা,সংস্কৃতি নাইকিয়া হৈ গুছি গ’ল। এতিয়া থাকি যোৱাসকলক মূল শিপা কাটি ছিন্ন কৰাৰ প্ৰচেষ্টা চলি থকাৰ সময়ত চৰকাৰৰ এই সিদ্ধান্ত জাতিটো সবল কৰাৰ ক্ষেত্ৰত অনবদ্য অৱদান। আনহাতে প্ৰতি জিলাৰ পৰা এশৰো অধিক ছাত্ৰ-ছাত্ৰীক সম্পূৰ্ণ  চৰকাৰী উদ্যোগত প্ৰতিযোগীতামূলক পৰীক্ষাৰ বাবে সাজু কৰিবলৈ লোৱা সিদ্ধান্ত বৰ্তমানৰ যুৱচামৰ বাবে সাংঘাতিক ইতিবাচক খবৰ …

কেৱল উন্নয়ন আৰু বিকাশে এটা জাতি কেতিয়াও সুদৃঢ় কৰিব নোৱাৰে। জাতিটো সুদৃঢ় কৰিবলৈ উন্নয়ন আৰু বিকাশৰ লগত সমান্তৰালভাৱে সংস্কৃতি-পৰম্পৰাও ৰক্ষা কৰিব লাগিব। চৰকাৰখনে গভীৰভাৱে মনোনিৱেশ কৰা বিষয়বোৰ ইতিমধ্যে জনতাৰ দৃষ্টি আকৰ্ষণ কৰিছে ।তাৰ ভিতৰত জনসংখ্যা নিয়ন্ত্ৰণৰ বিষয়টোও আছে।  অনুপ্ৰবেশকাৰীসকলে ভয়ানকভাৱে ঘটোৱা জনবিস্ফোৰণে ৰাজ্যখনৰ আৰ্থিক ,সামাজিক আৰু সাংস্কৃতিক দিশত জাতিটোক গিলিবলৈ আৰম্ভ কৰিছে। খিলঞ্জীয়াৰ সকলো অধিকাৰ কাঢ়ি নিবলৈ  অপচেষ্টা চলাই থকা সকলৰ ওপৰত চৰকাৰে মাজে মাজে খিলঞ্জীয়াৰ পক্ষত থাকি নিজৰ স্থিতি স্পষ্ট কৰি দিয়া কথাটোও  নিশ্চয় প্ৰশংসনীয়। দলং,বৃহৎ ৰাস্তা,উৰণীয়া সেতু আদি নানা বৃহৎ আন্তঃগাঠনি আদি উন্নয়নৰ হাত ধৰি জাতীয় সত্ত্বাক সন্মান কৰি ৰাষ্ট্ৰবাদক সুদৃঢ় কৰি অসম বৰ্তমান ন খোজেৰে নতুন দিগন্তলৈ আগবাঢ়িছে।

অপৰূপা বৰঠাকুৰ

(বৰঠাকুৰ ৰাজ্যৰ এগৰাকী জনপ্ৰিয় লেখিকা )

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: all assam student unionasom live 24assam live 24assam state bjpAssam-Govtaxom live 24bhabesh kalitadispurhimanta biswa sharma
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কাইলৈ ভাগ্যৰ দুৱাৰ মুকলি হ’ব ৫ ৰাশিৰ! লাভ, চাকৰি-ব্যৱসায় আৰু সফলতাৰ যোগ
জীৱনশৈলী

কাইলৈ ভাগ্যৰ দুৱাৰ মুকলি হ’ব ৫ ৰাশিৰ! লাভ, চাকৰি-ব্যৱসায় আৰু সফলতাৰ যোগ

September 19, 2026
8th Pay Commission: মৌলিক দৰমহা ৬৫% বৃদ্ধিৰ প্ৰস্তুতি? HRA, TA আৰু DA একত্ৰীকৰণে সলাব আপোনাৰ পে-স্লিপ
বাণিজ্য

8th Pay Commission: কিমান বাঢ়িব কেন্দ্ৰীয় কৰ্মচাৰীৰ দৰমহা? আহিছে ডাঙৰ আপডেট

September 19, 2026
Shruti Haasan: ‘পুৰুষৰো হওক মাহেকীয়া …’, শ্ৰুতি হাছানে কিয় কৰিলে এনে প্ৰাৰ্থনা?
বিনোদন

Shruti Haasan: ‘পুৰুষৰো হওক মাহেকীয়া …’, শ্ৰুতি হাছানে কিয় কৰিলে এনে প্ৰাৰ্থনা?

September 19, 2026
জুবিনে ৪০টা ভাষাত ৩ হাজাৰ গান গাইছিল!’, জুবিন গাৰ্গক লৈ মন্তব্য কৰি বিপদত বিধায়ক বিজয় গুপ্তা
অসম

জুবিনে ৪০টা ভাষাত ৩ হাজাৰ গান গাইছিল!’, জুবিন গাৰ্গক লৈ মন্তব্য কৰি বিপদত বিধায়ক বিজয় গুপ্তা

September 19, 2026
Next Post
কিয় আত্মহননৰ দৰে চৰম পন্থা ল’লে আটাছু নেতাই?

কিয় আত্মহননৰ দৰে চৰম পন্থা ল’লে আটাছু নেতাই?

প্ৰধানমন্ত্ৰী ধন জন যোজনাৰ একাউণ্ট আছে নেকি? শীঘ্ৰেই পাব ১.৩ লাখ টকা…

প্ৰধানমন্ত্ৰী ধন জন যোজনাৰ একাউণ্ট আছে নেকি? শীঘ্ৰেই পাব ১.৩ লাখ টকা…

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.