আজিৰ বিশেষ কেবিনেট বৈঠক, বৈঠকত বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত, অৰুণোদয়, কাজি নিয়ম, মাজুলিৰ…
আজি ২১ আগষ্ট তাৰিখ বুধবাৰে অসম চৰকাৰৰ কেবিনেট বৈঠক অনুষ্ঠিত হয়। বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে বিজেপি নেতৃত্বাধীন অসম চৰকাৰে। ইয়াৰ লগতে সলনি হ’ব কেইবাটাও নিয়ম। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংবাদমেল যোগে সদৰি কৰে সকলো।
আজিৰ বৈঠকত লোৱা বিশেষ সিদ্ধান্ত অনুসৰি সলনি হ’ব অৰুণোদয়। লাখ লাখ অৰুণোদয় হিতাধিকাৰীৰ নাম কৰ্তনৰ ইংগিত ৰাজ্য চৰকাৰৰ। নতুন ৰূপত অৰুণোদয় ৩.০। নতুনকৈ পুনৰ আবেদন কৰিব লাগিব সকলোৱে। ১৫ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ’ব আবেদন প্ৰক্ৰিয়া।
আসাম লেণ্ড এণ্ড ৰেভিনিউ ৰেগুলেচন ১৮৮৬ এক্টৰ অধীনত নতুনকৈ চেপ্টাৰ ১২ সন্নিবিষ্ট। এই আইনৰ অধীনত পুৰণি সংস্কৃতি আৰু ইতিহাসৰ সৈতে জড়িত ভুমিৰ সুৰক্ষাৰ বাবে লোৱা হব। যেনে- বৰপেটা নামঘৰ, চৰাইদেও মৈদাম আদি। এই ভুমি এৰিয়াৰ ৫ কিলোমিটাৰ পৰ্যন্ত সুৰক্ষা দিয়া হব। অৱশ্যে এই তালিকাৰ বাবে ২৫০ বছৰ পুৰণি হব লাগিব। অৱশ্যে এই ক্ষেত্ৰত মাজুলিৰ ৫ কিলোমিটাৰ নহয়, সম্পূৰ্ণ মাজুলি জিলাখনেই সুৰক্ষিত কৰা হব। যাৰ ফলত মাজুলিত তাত তিনিটা প্ৰজন্মৰ পৰা বাস কৰা লোকেহে তাৰ মাটি কিনা বেচা কৰিব পাৰিব।
মুছলমান বিবাহত বন্ধ হ’ল কাজি ব্যৱস্থা। কাজিয়ে এতিয়াৰে পৰা সম্পন্ন কৰিব নোৱাৰিব মুছলমান বিবাহ। ব্যাপক সাল-সলনি কৰা হ’ল মুছলমান বিবাহত। চৰকাৰী বিষয়াৰ ওচৰত কৰিব লাগিব বিবাহ পঞ্জীয়ন।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ