আগন্তুক দুৰ্গা পূজাৰ পূৰ্বে ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলে চলিত মাহৰ দৰমহা লাভ কৰিব নে নাই তাকেই লৈ উৎকণ্ঠা চলি থকাৰ সময়তে মুখ্যমন্ত্ৰীৰ এক বিশেষ ঘোষণাই চৰকাৰী কৰ্মচাৰীসকলৰ মুখত হাঁহি বিৰিঙাইছে৷
মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে যে ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলৰ চলিত মাহৰ দৰমহা দুৰ্গা পূজাৰ পূৰ্বেই প্ৰদান কৰা হ’ব৷
মুখ্যমন্ত্ৰীয়ে টুইটাৰ হেণ্ডলত টুইট কৰি কয় যে ‘‘ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলে আগন্তুক পূজা উদযাপন নিশ্চিত কৰিবলৈ আমি ২৯ ছেপ্টেম্বৰৰ পৰা দৰমহা প্ৰদান আৰম্ভ কৰাৰ সিদ্ধান্ত লৈছো, যিহেতু ২ অক্টোবৰৰ পৰা পূজা বন্ধ আৰম্ভ হ’ব৷’’
To ensure unhindered celebration during upcoming Puja season by State Govt employees, we’ve decided to start paying salaries from 29 Sept onwards, since there are continuous holidays from Oct 2. This is in appreciation of their commitment & dedication. We care for our employees!
— Himanta Biswa Sarma (@himantabiswa) September 22, 2022
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ