উৎকট গৰমে দহিছে ৰাজ্য, কেতিয়া আহিব বৰষুণ! কি কয় বতৰ বিজ্ঞান কেন্দ্ৰই
ৰাজ্যৰ চাৰিওফালে বিগত কেইবাদিনো ধৰি উৎকট গৰমে দহিছে সাধাৰণ জনতাক। এজাক বৰষুণ আৰু কিছু শীতৰ প্ৰভাৱ বাৰুকৈয়ে অনুভৱ কৰিছে ৰাজ্যবাসীয়ে। পুৱা শুই উঠাৰ পৰাই চোকা ৰ’দে পুৰি মাৰিছে সকলোকে।
পাছে ভালদৰে বৰষুণ আ্ৰহিলে কিছু শান্ত হ’ব গৰমৰ প্ৰকোপ, কিন্তু ভালদৰে এজাক বৰষুণ নাই গুৱাহাটীকে ধৰি ৰাজ্যৰ বহু ঠাইত। এই ক্ষেত্ৰত বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা সদৰি কৰা ৰিপোৰ্ট অনুসৰি কেতিয়া আহিব বৰষুণ!
বতৰ বিজ্ঞান কেন্দ্ৰই সদৰি কৰা অনুসৰি ধুবুৰী, দক্ষিণ মানকাচাৰ, গোৱালপাৰাত অহা ৫ দিনলৈ বৰষুণৰ সম্ভাৱনা নাই।
কোকৰাঝাৰ, চিৰাং আৰু বাক্সা জিলাত ২৮ জুলাইৰ পৰা বৰষুণ হোৱাৰ সম্ভাৱনা। বৰপেটা, বঙাইগাঁও, বজালী, তামুলপুৰ, নলবাৰী, কামৰূপ গ্ৰাম্য, দৰং, হোজাই, পশ্চিম কাৰ্বি আংলং, গোলাঘাট, শোণিতপুৰ, যোৰহাট, মাজুলি, শিৱসাগৰ, চৰাইদেউ, ডিমা হাচাও, কাচাৰত আজিৰ দিনটোত বৰষুণৰ সম্ভাৱনা।
ওদালগুৰি, মৰিগাঁও, নগাঁও, বিশ্বনাথ, লক্ষীমপুৰ, ধেমাজী, ডিব্ৰুগড়, তিনচুকীয়া, হাইলাকান্দি, কৰিমগঞ্জ জিলাত ৩ দিন পাছত বৰষুণৰ সম্ভাৱনা।
কেৱল গুৱাহাটীত আজিৰ দিনটোত সামান্য বৰষুণৰ সম্ভাৱনা , কিন্তু তাৰ পাছত অহা ৫ দিনত কোনো ধৰণৰ সম্ভাৱনা নাই বৰষুণৰ। তাৰ বিপৰীতে তাপমাত্ৰা অধিক বৃদ্ধি পোৱাৰ সম্ভাৱনা।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















