শিলচৰ এন আই টিত অধ্যাপকৰ বিৰুদ্ধে ওলাই আহিল শ শ ছাত্ৰ-ছাত্ৰী, গুৰুতৰ অভিযোগ
২০ মাৰ্চ বৃহস্পতিবাৰৰ নিশা শিলচৰত উত্তপ্ত পৰিস্থিতি। এগৰাকী শিক্ষকৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ ওলাই আহিল শ শ ছাত্ৰ-ছাত্ৰী। এই অভাৱনীয় পৰিস্থিতি দেখা গৈছে শিলচৰৰ এন আই টিত।
প্ৰতিবাদী ছাত্ৰ-ছাত্ৰী সকলৰ এগৰাকী শিক্ষকৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ। অভিযোগ লৈ আৰক্ষীৰো কাষ চাপিল ছাত্ৰ-ছাত্ৰী। অভিযোগ অনুসৰি এগৰাকী প্ৰথমবৰ্ষৰ ছাত্ৰীক যৌন নিৰ্যাতন শিক্ষকৰ।
নিৰ্যাতনৰ অভিযোগ উত্থাপন হোৱাৰ পাছতে প্ৰতিবাদী ছাত্ৰ-ছাত্ৰীৰ উত্তাল প্ৰতিবাদৰ পাছতে অভিযুক্ত অধ্যাপক ডাঃ ভি কে ৰাজুক নিলম্বন কৰিছে এন আই টি কৰ্তৃপক্ষই। লগতে শিলচৰৰ গুংগুৰ থানাত গোচৰ ৰুজু কৰে।
ঘটনা সন্দৰ্ভত জানিব পৰা অনুসৰি, শিলচৰ নেশ্যনেল ইনষ্টিটিউট অৱ টেকন’লজি (এন আই টি)ৰ ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং বিভাগৰ প্ৰথম বৰ্ষৰ ছাত্ৰী এগৰাকীয়ে বিভাগটোৰ এগৰাকী অধ্যাপকে যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন কৰিছে।
বৃহস্পতিবাৰে নিশা শিক্ষা প্ৰতিষ্ঠানটোৰ ছাত্ৰ-ছাত্ৰীসকলে প্ৰতিবাদত অংশগ্ৰহণ কৰি সংশ্লিষ্ট অধ্যাপকগৰাকীৰ কোৱাৰ্টাৰৰ সন্মুখত বহি কঠোৰ শাস্তি প্ৰদানৰ দাবী জনায়।
অভিযোগৰ পিছত এন আই টি শিলচৰ ইলেকট্ৰিকেল ইঞ্জিনিয়াৰিং বিভাগৰ অধ্যাপক ডি কোটেশ্বৰ ৰাজুক নিলম্বন কৰিছে বুলি এক সূত্ৰ মতে খবৰ পোৱা গৈছে। সূত্ৰৰ দাবী, এই অভিযোগ প্ৰথম নহয়, পূৰ্বেও সেই অধ্যাপকৰ বিৰুদ্ধে একেধৰণৰ অভিযোগ উত্থাপন হৈছিল।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ