পুনৰ বহিঃৰাজ্যত অসমীয়া যুৱকক হত্যা। দুই পুত্ৰৰ চিকিৎসাৰ খৰচ বহনৰ বাবে বহিঃৰাজ্যলৈ কামৰ সন্ধানত যোৱা ওদালগুৰি জিলাৰ গণকপাৰা গাঁওৰ চম্পক ডেকা (৪৪)ক বিহাৰতে হত্যা কৰে কোনো অচিনাক্ত দুস্কৃতিকাৰীয়ে। ৰে’লেৰে বাঙ্গালোৰৰ কোম্পানীত কামৰ সন্ধানত গৈ থকা অৱস্থাত বিহাৰৰ আৰাৰীয়া ৰেল ষ্টেচনৰ সমীপত কোনো লোকে হত্যা কৰি পেলাই থৈ যায়।
সম্প্ৰতি চম্পক ডেকাৰ মৃতদেহ বিহাৰৰ আৰাৰীয়া ছাদ্দাৰ চিকিৎসালয়ত আছে। আৰক্ষীৰ লগত যোগাযোগ কৰি এতিয়া মৃতদেহ ঘৰলৈ লৈ অনাৰ ব্যবস্থা কৰিছে পৰিয়ালৰ লোকে। মৃত্যুৰ সময়ত তেওঁ ঘৰত নিজ পত্নী আৰু দুটি অসুখীয়া পুত্ৰ সন্তান এৰি থৈ যায়। এতিয়া পৰিয়ালটোৱে একমাত্ৰ উপাৰ্জনকাৰী জনক হেৰুৱাই দিগ বিদিক হেৰুৱাই পেলাইছে লগতে উচিত তদন্ত কৰি দোষীক শাস্তি প্ৰদান কৰিবলৈ অনুৰোধ জনাইছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ