অসম লাইভ ২৪ঃ অসমীয়া কাব্যজগতৰ জনপ্ৰিয় কবি প্ৰণৱ কুমাৰ বৰ্মনে এইবাৰ নিৰ্মাণ কৰিব অসমীয়া ছবি৷ ইতিমধ্যে জনপ্ৰিয় কবিগৰাকীয়ে ছবি নিৰ্মাণৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰি তুলিছে৷
কবি প্ৰণৱ কুমাৰ বৰ্মনে অসমীয়া কাব্যজগত বিপুল জনপ্ৰিয়তা লাভ কৰা তেওঁৰ নিজৰে কবিতা সন্দিকৈ কলেজৰ তুমি সাগৰিকা বৰদলৈ শীৰ্ষক কবিতাটো আধাৰত নিৰ্মাণ কৰিব এখন অসমীয়া চলচ্ছিত্ৰ৷
ভৰলুমুখস্থিত বনজ্যোতি কৌণ্ডল্য প্ৰডাকচনৰ বেনাৰত বনজ্যোতি কৌণ্ডিল্যৰ প্ৰযোজনাত নিৰ্মাণ হ’ব লগীয়া অসমীয়া এই চলচ্ছিত্ৰখন পৰিচালনা কৰিব কবি প্ৰণৱ কুমাৰ বৰ্মনে নিজেই৷
ইতিমধ্যে কবি বৰ্মনে কবিতাটোৰ চিত্ৰনাট্য প্ৰস্তুত কৰি তুলিছে৷ অহা ১৪ ফেব্ৰুৱাৰী অৰ্থাৎ ভেলেণ্টাইন দে দিনাই শুভমহূৰত কৰা হ’ব৷ ইয়াৰ পিছতে ছবিখনৰ পৰ্যায়ক্ৰমে গুৱাহাটী, মাজুলী, গোৱালপাৰা, গ্ৰাছলেণ্ড, পাছিঘাট আদিৰ মনোমোহা লোকেচনত ছবিখনৰ দৃশ্যগ্ৰহণ কৰা হ’ব৷
বিজয় প্ৰকাশ, বসন্ত নিবিৰ আৰু মিনিমিয়ে সংগীত পৰিচালনা কৰিবলগীয়া ছবিখনৰ গীতসমূহত কণ্ঠ কৰিব জনপ্ৰিয় কণ্ঠশিল্পী জুবনি গাৰ্গ, বসন্ত নিবিৰ, অমৃতপ্ৰভা, সূৰ্যপ্ৰকাশ আৰু মিনিমিয়ে৷
ছবিখনত বিশিষ্ট অভিনেতা তপন দাস, উপকূল বৰদলৈ, মাধুৰিমা চৌধুৰী, লনীশ্ৰী, হিৰণ্য ডেকা আদিয়ে বিভিন্ন চৰিত্ৰত অভিনয় কৰিব৷
ইফালে ছবিখনত অভিয়নৰ বাবে কিছুসংখ্যক নৱাগত অভিনেতা/অভিনেত্ৰীও সন্ধান কৰিছে প্ৰযোজক আৰু পৰিচালকে৷
নৱাগত অভিনয় শিল্পীসকলক অডিচনৰ যোগে নিৰ্বাচিত কৰা হ’ব বুলি প্ৰকাশ কৰিছে প্ৰযোজনা সংস্থাটোৱে৷
প্ৰযোজনা সংস্থাটোৱে ইচ্ছুক অভিনেতা/অভিনেত্ৰীসকলক কেইখন মান ফুল চাইজ ফ’টো আৰু বায়’ডাটা ৯৮৬৪৩৫২৫৭৫ আৰু ৬৯০০২০২৮৮১ নম্বৰত হোৱাটছএপ কৰি প্ৰেৰণ কৰিবলৈ আহ্বান জনাইছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ















