উপ-নিৰ্বাচন- মুখ থেকেচা খাব নেকি বিজেপিয়ে, প্ৰায় গোটেইকেইখনতে আগ বাঢ়ি আছে ইণ্ডিয়া মিত্ৰজোঁট, ইতিমধ্যে ৫ আসন লাভ
শনিবাৰে পুৱা ৮-০০ বজাৰ পৰা আৰম্ভ হৈছে উপ নিৰ্বাচনৰ ভোটগণনা পৰ্ব। দেশৰ ৭খন ৰাজ্যৰ ১৩টা সমষ্টিত অনুষ্ঠিত হৈছে ভোটগণনা প্ৰক্ৰিয়া। বৰ্তমানলৈকে প্ৰায় গোটেইকেইখনতে আগ বাঢ়ি আছে ইণ্ডিয়া মিত্ৰজোঁট।
পশ্চিমবংগ, বিহাৰ , মধ্যপ্ৰদেশ , উত্তৰাখণ্ড , পঞ্জাৱ, হিমাচল প্ৰদেশ আৰু তামিলনাডুৰ ১৩খন বিধানসভা আসনত অনুষ্ঠিত উপ-নিৰ্বাচনৰ ফলাফল কেইঘণ্টামানৰ ভিতৰতে ওলাব।
ভোটগণনা চলি থকাৰ মাজতে এই মুহূৰ্তত লাভ কৰা তথ্য অনুসৰি ৫খন আসনত জয়ী হৈছে ইণ্ডিয়া মৰ্চাৰ প্ৰাৰ্থী। লগতে আন ৬ আসনত ইণ্ডিয়া মৰ্চাই অগ্ৰগতি লাভ কৰি আছে। পশ্চিম বংগৰ লগতে হিমাচল প্ৰদেশত মুঠ ৫ খন আসনত জয় লাভ কৰিছে ইণ্ডিয়া মৰ্চাৰ প্ৰাৰ্থী।
পশ্চিমবংগত তৃণমুল কংগ্ৰেছৰ ৩ গৰাকী প্ৰাৰ্থীয়ে জয়লাভ কৰিছে। ৰায়গঞ্জ, দক্ষিণ ৰাণাঘাট আৰু বাগডা আসন তৃণমুল কংগ্ৰেছে লাভ কৰিবলৈ সক্ষম হৈছে। আনহাতে হিমাচল প্ৰদেশৰ ২ খন আসনত কংগ্ৰেছ প্ৰাৰ্থীয়ে জয় লাভ কৰিছে।
দুপৰীয়া ১ বজালৈ গণনা কৰা ফলাফল অনুসৰি বৰ্তমানলৈ বিজেপিয়ে কেৱল এখন আসনত জয় লাভ কৰিছে। হিমাচল প্ৰদেশৰ হমীৰপুৰ আসন লাভ কৰিছে বিজেপিয়ে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ