চৰকাৰী হাস্পতালত নথকা ঔষধ লিখিব নোৱাৰিব চিকিৎসকে, অন্যথা বিপদ
চৰকাৰী চিকিৎসালয়ৰ চিকিৎসকলৈ কঠোৰ নিৰ্দেশনা ৰাজ্য চৰকাৰৰ।
এতিয়াৰে পৰা হাস্পতালত নোপোৱা বা উপলব্ধ নোহাৱা ঔষধ ৰোগীক লিখি দিব নোৱাৰিব চিকিৎসকে।
ৰোগীয়ে অভিযোগ দিলেই বিপদত পৰিব চিকিৎসক। কাইলৈ ৩১ জানুৱাৰীৰ পৰাই কাৰ্যকৰী হ’ব এই নিয়ম।
ৰাজ্যৰ প্ৰতিখন চিকিৎসালয়লৈ নিৰ্দেশনা মন্ত্ৰী অশোক সিংঘালৰ।
নিয়ম উলংঘা কৰিলে চাকৰি পৰ্যন্ত হেৰুৱাব পাৰে চিকিৎসকে।
চিকিৎসকে লিখি দিয়া ঔষধ নাপালে লগে লগে ৰোগীয়ে দিব পাৰিব অভিযোগ।
এই সন্দৰ্ভত ৰাজ্য চৰকাৰে শীঘ্ৰেই মুকলি কৰিব বিশেষ হোৱাটচএপ নম্বৰো।
ৰোগীয়ে বিশেষ নম্বৰত প্ৰেছক্ৰিপছনৰ ফটো দিলেই চাকৰি হেৰুৱাব সেই প্ৰেছক্ৰিপছন লিখি দিয়া চিকিৎসকে।
ৰোগীয়ে বাহিৰৰ পৰা ঔষধ কিনিবলগীয়া হ’লে বিপদত পৰিব চিকিৎসক। কাইলৈ পৰা কাৰ্যকৰী হ’ব এই বিশেষ নিয়ম।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ