২০৩২ চনৰ ২২ ডিচেম্বৰত পৃথিৱীত খুন্দা মাৰিব ডাঙৰ ধুমকেতু, নাছাৰ তথ্যত চিন্তাত বিশ্ব
সৌৰজগতত বহু ধুমকেটু তথা বহু সৰু সুৰা গ্ৰহাণু আদি নিজ নিজ কক্ষ পথত ঘুৰি আছে৷ তাৰেই কেতিয়াবা কিছুমানে সন্তুলন হেৰুৱাই পৃথিৱীৰ কাষেৰে পাৰ হৈ যায়৷
বৰ্তমানে নাছাই বিষয়ে বহু পূৰ্বেই জানিব পাৰে৷ এইবাৰো এটা ডাঙৰ গ্ৰহাণু পৃথিৱীৰ দিশে আহি থকা বুলি নাছাই সদৰি কৰিছে৷ যি তথ্য সদৰি হোৱাৰ পাছতে চিন্তাত পৰিছে বিশ্ব৷
সদৰি হোৱা তথ্য অনুসৰি ২০২৪ YR4 নামৰ এই গ্ৰহাণুটোৱে ২০৩২ চনৰ ২২ ডিচেম্বৰত পৃথিৱীৰ সৈতে সংঘৰ্ষ কৰিব পাৰে। বিজ্ঞানীসকলৰ মতে এই গ্ৰহাণুৰ আঘাতৰ সম্ভাৱনা ১.৮%ৰ পৰা ২.৩%লৈ বৃদ্ধি পাইছে।
ইয়াৰ আকাৰ প্ৰায় ৩০০ ফুট (৯০ মিটাৰ) পৰ্যন্ত হ’ব পাৰে। এই আকাৰৰ গ্ৰহাণু এটাই এখন সম্পূৰ্ণ চহৰ ধ্বংস কৰিব পাৰে। ১৯০৮ চনত চাইবেৰিয়াৰ টুংগুস্কা অঞ্চলত পৰি যোৱা গ্ৰহাণুটোৰ আকাৰ প্ৰায় ইমানেই আছিল।
১৯০৮ চনত চাইবেৰিয়াৰ টুংগুস্কা অৰণ্যত আঘত কৰা গ্ৰহাণু পৃথিৱীত খুন্দা মৰাৰ পাছতে বিস্ফোৰণ হৈ গৈছিল৷ ইয়াৰ ফলত ৮৩০ বৰ্গমাইল (২১৫০ বৰ্গ কিলোমিটাৰ) এলেকা ধ্বংস হৈছিল। লাখ লাখ গছ ধ্বংস হৈছিল।
এতিয়া যদি ২০২৪ YR4 য়ে পৃথিৱীত আঘাত কৰে তেন্তে ই এখন সৰু চহৰ সম্পূৰ্ণৰূপে ধ্বংস কৰি পেলাব পাৰে। যাৰ বাবেই এতিয়া চিন্তাত বৈজ্ঞানিক৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















