অসম লাইভ২৪ঃ বিশ্বব্ৰহ্মাণ্ডত এনে বহু বিষয় আছে যিসমূহ আজিও উদঘাটন কৰিব পৰা হোৱা নাই। বিজ্ঞানীয়ে অহৰহ পৃথিৱীৰ পৰাই বিশ্বব্ৰহ্মাণ্ডৰ ওপৰত গৱেষণা চলাই গৈছে। অত্যাধুনিক যন্ত্ৰপাতিৰ সহায়ত পৃথিৱীৰ ওপৰিও মহাকাশত থকা অন্যান্য গ্ৰহ, উপগ্ৰহ, নক্ষত্ৰৰ ঠিকনা বিচাৰিছে বিজ্ঞানীয়ে। কিন্তু দূৰৰ জগত এতিয়াও অস্পষ্ট। কেইবা লাখ কিঃমিঃ দূৰত্বৰ পৰা আহিছে এইবাৰ ভয়ংকৰ খবৰ। আমেৰিকাৰ মহাকাশ গৱেষণা সংস্থা নাছাই মহাকাশতো এটা পৰমাণু বোমাৰ সন্ধান পাইছে। আগন্তুক দিনত পৃথিৱীৰ কাষলৈ আহিব বিশেষ পৰমাণু বোমাটো। আনকি পৃথিৱীৰ সৈতেও এই পৰমাণু বোমাৰ ধাক্কা লগাৰ সম্ভাৱনা আছে। মহাকাশৰ এই পৰমাণু বোমা প্ৰকৃততে এটা গ্ৰহাণুহে। বিজ্ঞানীসকলে এই গ্ৰহাণুটোৰ নাম দিছে ‘বেণু’। কেইবা আলোকবৰ্ষ দূৰৈৰ পৰা পৰা পৃথিৱীৰ দিশেৰে আগুৱাই আহিছে এই গ্ৰহাণু।
‘বেণু’ৰ নামকৰণ কৰা হৈছে এক কাল্পনিক পখীৰ নামেৰে। মিছৰৰ পুৰাণত এই পখীৰ নাম উল্লেখ আছে। সূৰ্য, সৃষ্টি আৰু পুনৰ্জন্মৰ সৈতে বেণুৰ বিশেষ সংযোগ আছে। সেই কাৰণে এই নামটোক বাছি লোৱা হৈছে। নাছাৰ বিজ্ঞানীৰ ধাৰণা, মহাকাশৰ এই গ্ৰহাণুতেই লুকাই আছে পৃথিৱী ধ্বংসৰ বীজ। যদি বেণুৰ সৈতে পৃথিৱীৰ সংঘৰ্ষ হয় তেন্তে পৃথিৱীৰ সেই দিনটোৱেই হ’ব শেষ দিন। বেণুৱে খুন্দা মাৰিলে পৃথিৱীৰ ধ্বংস অনিবাৰ্য বুলিয়ে ক’ব পাৰি। নিউয়ৰ্কৰ ৩৮১ মিটাৰ ওখ এম্পায়াৰ ষ্টেট বিল্ডিঙতকৈয়ো ওখ এই গ্ৰহাণু। বহলে প্ৰায় ৫১০ মিটাৰ বহল। এই বিশাল পাথৰৰ খণ্ডৰ সৈতে পৃথিৱীৰ ধাক্কা লাগিলে কি হ’ব পাৰে তাৰ ধাৰণাও বিজ্ঞানীয়ে দিছে।
পৃথিৱীৰ সৈতে এই গ্ৰহাণুৰ ধাক্কা লাগিলে তাৰ পৰা ১২ হাজাৰ মেগাটন শক্তি নিঃসৃত হ’ব। পৃথিৱীত বৰ্তমান পৰ্যন্ত মানুহৰ দ্বাৰা তৈয়াৰ হোৱা শক্তিশালী পৰমাণু বোমাতকৈ ২৪ গুণ বেছি শক্তিশালী বিস্ফোৰণ ঘটাবলৈ সক্ষম এই বেণু। বিজ্ঞানীৰ গণনা অনুসৰি যদি বেণুৰ সৈতে পৃথিৱীৰ সংঘৰ্ষ হয় তেন্তে ২২ শতিকাত শেষত বা ২৩ শতিকাৰ আৰম্ভণিতে পৃথিৱী ধ্বংস হ’ব। ইতিমধ্যে বিজ্ঞানীয়ে সাম্ভাব্য তাৰিখো গণনা কৰি ওলিয়াইছে। ২১৮২ চনৰ ২৪ ছেপ্টেম্বৰৰ বিয়লীৰ ভাগত বেণু আৰু পৃথিৱীৰ মাজত সংঘৰ্ষ হ’ব। কিন্তু এই বেণুয়ে পৃথিৱীক খুন্দা মাৰিবই বুলি খাটাঙকৈ বিজ্ঞানীয়ে কোৱা নাই। খুন্দা মৰাৰ আশংকা তেনেই ক্ষীণ বুলিয়েই কৈছে নাছাৰ বিজ্ঞানীয়ে। ২৩০০ চনৰ ভিতৰত পৃথিৱীৰ সৈতে গ্ৰহাণুৰ ধাক্কা খোৱাৰ সম্ভাৱনা ১৭৫০ বাৰৰ মাজত মাত্ৰ এবাৰেই থাকে। সংঘৰ্ষৰ আশংকা ক্ষীণ হ’লেও সম্ভাৱনাও নুই কৰিব নোৱাৰি। বেণুৰ খুন্দা পৃথিৱীত নালাগিলেও নীলা গ্ৰহত বেণুৰ ধাক্কা লাগিব পাৰে। পৃথিৱীৰ পৰা বেণুৰ সাম্ভাৱ্য দূৰত্ব প্ৰায় ৭৫ লাখ কিঃমিঃ। মহাকাশৰ হিচাপত এই দূৰত্ব কিন্তু বৰ বেছি নহয়।
গ্ৰহাণু বেণুৰ হাতৰ পৰা পৃথিৱীৰ ৰক্ষা কৰিবলৈ ৰক্ষাকৱচ তৈয়াৰ কৰাত ব্যস্ত হৈ পৰিছে নাছাৰ বিজ্ঞানী। নাছাই গ্ৰহাণু সম্পৰ্কে তথ্য সংগ্ৰহ কৰাৰ বাবে মহাকাশলৈ বিশেষ যান প্ৰেৰণ কৰিছিল। যাৰ নাম আছিল ও-চিৰিছ-ৰেক্স। ২০১৬ চনত মহাকাশ পঠোৱা এই যানখনে বেণুক পৰ্যবেক্ষণ কৰি তথ্য সংগ্ৰহ কৰিছে। বিগত ৭ বছৰ ধৰি পৰ্যবেক্ষণ কৰাৰ পাছত পৃথিৱীলৈ ওভতি আহিছে যানখন। গ্ৰহাণুটোৰ পৰা নমুনা সংগ্ৰহ কৰি আনিছে নাছাৰ বিশেষ যন্ত্ৰই। বেণুৰ পৰা ২৮ গ্ৰাম মাটিৰ দৰে পদাৰ্থ সংগ্ৰহ কৰি আনিছে যানখনে। বিজ্ঞানীয়ে সেই নমুনা পৰীক্ষা কৰিব। সেই নমুনাৰ পৰাই বিজ্ঞানীয়ে বেণুৰ ক্ষমতা সম্পৰ্কে জানিব পাৰিব। নমুনা লৈ আমেৰিকাৰ উটা মৰুভুমিত লেণ্ডিং কৰিছে ওছিছি ৰেক্সে। তেওঁলোকৰ দাবী যে ইয়াৰ পূৰ্বে মহাকাশৰ পৰা এনেধৰণৰ নমুনা কোনো দেশৰ মহাকাশ বিজ্ঞানীয়ে আনিবলৈ সক্ষম হোৱা নাই। চন্দ্ৰৰ মাটিৰ নমুনাও পোনতে নাছাৰ বিজ্ঞানীয়েই আনিছিল। নাছাৰ এপল মিছনত চন্দ্ৰৰ মাটি অনা হৈছিল। ২০২৩ চনৰ ১১ অক্টোবৰত বেণুৰ পৰা অনা মাটিৰ নমুনা পৰীক্ষাৰ ৰিজাল্ট ঘোষণা কৰিব নাছাৰ দলে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ