মঙল দেৱক জ্যোতিষশাস্ত্ৰত গ্ৰহৰ সেনাপতিৰ মৰ্যাদা দিয়া হৈছে৷ যাক সাহস, পৰাক্ৰম, শক্তিৰ দাতা বুলি কোৱা হয়৷ ইয়াৰোপৰি মঙলক মেষ আৰু বৃশ্চিক ৰাশিৰ অধিপতি গ্ৰহ বুলিও কোৱা হয়৷ যিয়ে প্ৰতি ৪৫ দিনত ৰাশি পৰিবৰ্তন কৰিব৷ বৈদিক পঞ্জিকা তথা গণনা অনুসৰি ২০২৫ চনত সাতবাৰ মঙলে ৰাশি পৰিবৰ্তন কৰিব৷ জানক এপ্ৰিল মাহৰ কোন দিনা আৰু কোন সময়ত মঙলে ৰাশি পৰিবৰ্তন কৰিব৷
কোন সময়ত মঙলে ৰাশি সলনি কৰিব? বৈদিক পঞ্জিকা অনুসৰি ৩ এপ্ৰিল ২০২৫ চনৰ বৃহস্পতিবাৰে মাজনিশা ১. ৫৬ মিনিটত মঙলে কৰ্কট ৰাশিত গমণ কৰিব৷ কৰ্কট ৰাশিৰ অধিপতি গ্ৰহ চন্দ্ৰক কোৱা হয়৷ যি অনুভূতি আৰু বিভিন্ন সুখৰ দাতা৷
কৰ্কট ৰাশি
চন্দ্ৰৰ ৰাশিত মঙলৰ গমনত কৰ্কট ৰাশিৰ জাতক লাভাম্বিত হ’ব৷ আয়ৰ উৎসসমূহ বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে৷ এপ্ৰিল মাহ পৰ্যন্ত কৰ্কট ৰাশিৰ লোকৰ বিনিয়োগত সফলতা আহিব৷ নেতৃত্ব লোৱাৰ ক্ষমতা বাঢ়িব৷ প্ৰেম জীৱন আৰু স্বাস্থ্যৰ দিশতো শুভ৷ কেৰিয়াৰত প্ৰচুৰ উন্নতিৰ সম্ভাৱনা আছে৷
বৃশ্চিক ৰাশি
মঙলৰ গমনৰ শুভ প্ৰভাৱে বৃশ্চিক ৰাশিৰ জাতকৰ স্বাস্থ্য ওপৰত প্ৰভাৱ পেলাব৷ এই সময়ত কোনো গুৰুতৰ ৰোগ হোৱাৰ সম্ভাৱনা নাই৷ প্ৰেম জীৱনত ভালপোৱা বাঢ়িব আৰু সম্পৰ্কসমূহত গভীৰতা আহিব৷ অবিবাহিত লোকে বন্ধুৰ সৈতে ধৰ্মীয় যাত্ৰাৰ পৰিকল্পনা কৰিব পাৰে৷ ব্যৱসায়ীসকললৈকো সফলতা আহিব৷ চাকৰিয়াল জাতকে বোনাছ পাব পাৰে৷
মীন ৰাশি
মীন ৰাশিয়ে এই সময়ত লাভৰ মুখ দেখিব৷ ঘৰত ইতিবাচকতা আহিব৷ ফলত পৰিয়ালৰ সদস্যসকলৰ স্বাস্থ্য আৰু সম্পৰ্কসমূহত উন্নতি আহিব৷ মীন ৰাশিৰ নতুন বাহন কিনাৰ সপোন পূৰণ হ’ব৷ ব্যৱসায়ীসকলে সম্পত্তি ক্ৰয় কৰিব পাৰে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ