২৮ ছেপ্টেম্বৰৰ পৰা দুৰ্গাপূজাৰ আৰম্ভণি৷ শাৰদীয় নৱৰাত্ৰি সোমবাৰ ২২ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ’ব৷ দেৱীপক্ষৰ প্ৰথম দিনৰ পৰা আৰম্ভ কৰি ৯ দিন ধৰি দেৱীৰ ৯ ৰূপৰ পূজা কৰা হয়৷ এই সময়ত যিকোনো শুভ কাম কৰাৰ বাবে উপযুক্ত বুলি কোৱা হয়৷ শাস্ত্ৰ অনুসৰি এই ৯ দিন শুভ মুহূৰ্ত বিচাৰ নকৰাকৈয়ে যিকোনো শুভ কাম কৰিব পাৰিব৷ মনত ভক্তি লৈ দেৱীৰ পূজা কৰিলে সকলো বাধা বিপত্তি দুঃখ কষ্ট দূৰ হয় আৰু মনৰ সকলো ইচ্ছা পূৰণ হয় বুলি প্ৰচলিত বিশ্বাস৷ জানি থওক কোন ৫ ৰাশিৰ জাতক দেৱী দুৰ্গাৰ অত্যন্ত প্ৰিয়? জ্যোতিষ অনুসৰি এই ৫ ৰাশিৰ জাতকে সৰ্বদা দেৱীৰ আশীৰ্বাদ লাভ কৰে৷
মেষ ৰাশি
মেষ ৰাশিৰ জাতক দেৱী দুৰ্গাৰ অত্যন্ত প্ৰিয়৷ এওঁলোকে সকলো সময়তে সকলো কামতে দেৱীৰ আশীৰ্বাদ পায়৷ আপুনি যদি মেষ ৰাশিৰ জাতক হয় তেন্তে শক্তিৰূপিনী দেৱীয়ে তেওঁৰ শুভ দৃষ্টি আপোনাৰ ওপৰত ৰাখে৷ দেৱীৰ আশীৰ্বাদ কেৱল দুৰ্গাপূজাৰ সময়তেই নহয় সমগ্ৰ বছৰ ধৰি সকলো কামতেই সাফল্য লাভ কৰাৰ যোগ থাকে মেষ ৰাশিৰ জাতকৰ ওপৰত৷ এওঁলোকৰ জীৱনত সুখ আৰু সমৃদ্ধি সকলো সময়তে থাকে৷ সন্তান ভাগ্যও সাধাৰণতে খুবেই ভাল হয় মেষ ৰাশিৰ জাতকৰ৷
মিথুন ৰাশি
আপুনি যদি মিথুন ৰাশিৰ জাতক হয় তেন্তে শক্তিৰূপিনী দেৱী দুৰ্গাৰ আশীৰ্বাদ আপোনাৰ ওপৰত থাকে৷ দেৱীৰ প্ৰিয় ৰাশিৰ জাতকৰ মাজত অন্যতম মিথুন ৰাশি৷ দুৰ্গাপূজাৰ ভিতৰত বিশেষভাৱে সৌভাগ্যৰ দ্বাৰ উন্মুক্ত হয় মিথুন ৰাশিৰ জাতকৰ৷ মিথুন ৰাশিৰ জাতক কঠোৰ পৰিশ্ৰমী আৰু দুৰ্গাৰ কৃপাত এওঁলোকে পৰিশ্ৰম আৰু উদ্যোগৰ ফল লাভ কৰে৷ দুৰ্গাপূজা চলাৰ সময়ত মিথুন ৰাশিৰ জাতকৰ ৰৈ থকা সকলো কাম সম্পূৰ্ণ হব৷ দেৱীৰ কৃপাত আৰ্থিক অৱস্থাৰ উন্নতিৰ যোগ থাকে৷
সিংহ ৰাশি
সিংহ ৰাশিৰ জাতকৰ মাজত শক্তি আৰু ক্ষমতা অন্যসকলতকৈ বেছি৷ সিংহৰ জাতক এই শক্তি আৰু দৃঢ়তাৰ কাৰণেই দেৱী দুৰ্গাৰ অত্যন্ত প্ৰিয়৷ আপুনি সিংহ ৰাশিৰ জাতক হলে দেৱী দুৰ্গাৰ আশীৰ্বাদ সকলো সময়তে আপোনাৰ সৈতে থাকে৷ মা দুৰ্গাৰ কৃপাত সিংহ ৰাশিৰ ভাগ্য সচৰাচৰ তেওঁলোকৰ পক্ষতেই থাকে৷ আৰ্থিক সমস্যা কেতিয়াও নাহে সিংহ ৰাশিৰ জাতকৰ জীৱনত৷
বৃশ্চিক ৰাশি
দেৱী দুৰ্গাৰ প্ৰিয় ৰাশিসমূহৰ তালিকাত আছে বৃশ্চিকো৷ দেৱীৰ কৃপাদৃষ্টি এওঁলোকৰ ওপৰত সকলো সময়তে থাকে৷ দুৰ্গাপূজা চলি থকাৰ সময়ত ভালধৰণে মনত ভক্তি লৈ দুৰ্গাৰ আৰাধনা কৰিলে আৰু ভাল ফল পাব৷ মা দুৰ্গাই এওঁলোকৰ জীৱন সুখ আৰু শান্তিৰে ভৰাই দিব৷ আপুনি বৃশ্চিক ৰাশিৰ জাতক হলে দেৱী দুৰ্গাৰ আশীৰ্বাদত আৰ্থিক লাভ হোৱাৰো যোগ আছে৷ ঋণৰ পৰা মুক্তি পাব৷
কুম্ভ ৰাশি
আপুনি কুম্ভ ৰাশিৰ জাতক হলে আনন্দ কৰক, আপোনাৰ বাবে দুৰ্গা পূজাৰ এই সময়ে সুখৰ বতৰা আনিব৷ কুম্ভ ৰাশিৰ জাতক দেৱী দুৰ্গাৰ অত্যন্ত প্ৰিয়৷ তেওঁলোকৰ ওপৰত মা দুৰ্গাৰ আশীৰ্বাদ সকলো সময়তে থাকে৷ দুৰ্গাপূজাৰ পূৰ্বে বা পাছত কোনো ভালখবৰ পাব পাৰে৷ দেৱীৰ কৃপাত এওঁলোকৰ জীৱনত পেছাগত সংকটে খুব এটা ডাঙৰ আকাৰ ধাৰণ নকৰে৷ দেৱীৰ আৰাধনা কৰিলে খুব সহজেই ফল লাভ কৰে তেওঁলোকে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















