আকৌ অশান্ত হৈ পৰিছে পাকিস্তান৷ এদিনৰ পূৰ্বে দক্ষিণ পাকিস্তানত সংঘটিত বোমা বিস্ফোৰণৰ চাঞ্চল্যৰ মাৰ নৌ যাওঁতে শুকুৰবাৰে পুনৰ পাকিস্তানত ভয়ংকৰ বোমা বিস্ফোৰণ সংঘটিত হৈছে৷
শুকুৰবাৰে বিয়লি পাকিস্তানৰ এটা মছজিদ সংঘটিত এক শক্তিশালী বোমা বিস্ফোৰণত অতি কমেও ৩০ জন লোকৰ মৃত্যু হৈছে৷
বিস্ফোৰণত কেবাডজন লোকক গুৰুlৰ ভাৱে আহত হোৱা বুলি প্ৰকাশ পাইছে৷
লগতে পঢ়ক ইউক্ৰেইনত ভয়ংকৰ পৰিস্থিতি : আক্ৰমণত ছাৰখাৰ ইউৰোপৰ সৰ্ববৃহৎ পাৰমাণৱিক শক্তি প্ৰকল্প
ঘটনাৰ বিৱৰণীৰ মতে পাকিস্তানৰ পেছোৱাৰাৰ কুচা ৰিছালদৰ মছজিদ শুকুৰবৰীয়া নামাজৰ বাবে নামাজীসকল সমবেত হোৱাৰ সময়তে ভয়ংকৰ বিস্ফোৰণটো সংঘটিত হয়৷
বিস্ফোৰণটো ইমানেই বৃহৎ আছিল কে’বা কিলোমিটাৰ দূৰলৈকে ইয়াৰ প্ৰাৱল্য অনুভৱ কৰা গৈছিল৷ ইফালে বিস্ফোৰণটোৰ ঠাইতে প্ৰায় ৩০ গৰাকী লোকৰ মৃত্যু হৈছে৷ প্ৰায় ৫০ গৰাকীৰো অধিক লোকক আহত হৈছে৷
আহতসকলক উদ্ধাৰ কৰি লেডী ৰিডিং হাস্পতালত ভৰ্তি কৰোৱা হৈছে৷ আহতসকলৰ মাজত বহুতৰে অৱস্থা অতি সংকটজনক বুলি প্ৰকাশ পাইছে৷
লগতে পঢ়ক ৰাছিয়া-ইউক্ৰেইন যুদ্ধ : দুয়োকুল ৰক্ষা কৰিবলৈ গৈ সংকটত ভাৰত!
বিস্ফোৰণ কোনে সংঘটিত কৰিছে সেয়া এতিয়াও স্বীকাৰ কৰা নাই যদিও আফগান সীমান্ত এলেকাটোত তালিবানৰ সমৰ্থিত কোনো সন্ত্ৰাসবাদী সংগঠনে এই বিস্ফোৰণ সংঘটিত কৰা বুলি আৰক্ষীয়ে সন্দেহ কৰিছে৷
উল্লেখ্য যে অঞ্চলটোত সংখ্যাগৰিষ্ঠ চুন্নী মুছলমান সংখ্যালঘু ছীট মুছলমানৰ মাজত ভাতৃঘাটি সংঘৰ্ষৰ ফলতে এই বিস্ফোৰণটো সংঘটিত হোৱা বুলিও ধাৰণা কৰা হৈছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ