পুণ্যযাত্ৰা হজ৷ ভাগ্য থাকিলেহে হজ যাত্ৰা কৰা সম্ভৱ৷ কিন্তু এই বছৰ যেন আৰু কঠিন হৈ পৰিছে হজযাত্ৰা৷ মক্কাত হজ যাত্ৰালৈ গৈ প্ৰাণ হেৰুৱাইছে কমপক্ষেও ৯২২ গৰাকী হজযাত্ৰীয়ে৷ এইবাৰ মৃতসকলৰ ভিতৰত ৬৮গৰাকীয়েই ভাৰতীয় নাগৰিক৷ কিন্তু প্ৰতিবছৰেইতো হজযাত্ৰা হয় এইবাৰ কিয় ইমান যাত্ৰীয়ে মৃত্যুক সাবটি লৈছে?
চৰকাৰী হিচাপ অনুসৰি মক্কাত এইবছৰ হজ যাত্ৰাৰ বাবে গৈছে ২০ লাখ যাত্ৰী৷ সংবাদসংস্থা এএফপিৰ সূত্ৰৰ খবৰ অনুসৰি হজ কৰিবলৈ গৈ বিগত কেইদিনত ৯২২ যাত্ৰীৰ মৃত্যু হৈছে৷ ইয়াৰমাজতেই সকলোতকৈ বেছি হজযাত্ৰী হৈছে মিছৰৰ৷ ইয়াৰপাছতেই জৰ্ডান, ইন্দোনেছিয়া আৰু ভাৰতৰো হজযাত্ৰী আছে৷ ইমান সংখ্যক তীৰ্থযাত্ৰীৰ মৃত্যুৰ প্ৰাথমিক কাৰণেই হৈছে অতিৰিক্ত তাপমাত্ৰা৷ মক্কাৰ এই গৰম সহ্য কৰিব পৰা নাই হজযাত্ৰীয়ে৷ ছৌদীৰ তাপমাত্ৰাই ৫১ ডিগ্ৰী চেলছিয়াছ অতিক্ৰম কৰিছে৷ এই তীব্ৰ গৰমৰ বাবেই মৃত্যুক সাবটিছে তীৰ্থযাত্ৰীয়ে৷
তাপমাত্ৰাৰ পাৰ্থক্য বাঢ়িছে
গ্ৰীষ্মকালত যেতিয়া জৰ্ডানৰ সৰ্বোচ্চ তাপমাত্তা ৩৮ৰ পৰা ৩৯ ডিগ্ৰী থাকে তেতিয়াই সেই দেশৰ মৰু অঞ্চলৰ সৰ্বোচ্চ তাপমাত্ৰা ২৬ৰ পৰা ২৯ ডিগ্ৰীৰ ভিতৰত থাকে৷ অন্যহাতে মিছৰত গ্ৰীষ্মকালত তাপমাত্ৰা ৩০ ডিগ্ৰী চেলছিয়াছৰ আশেপাশে থাকে৷ ইন্দোনেছিয়াতো প্ৰতি বছৰে গড় তাপমাত্ৰা ২৭ৰ পৰা ২৭ ডিগ্ৰীৰ মাজতেই থাকে৷ গ্ৰীষ্মকালত ৩৩ৰ পৰা ৩৪ ডিগ্ৰী তাপমাত্ৰা থাকে৷ গ্ৰীষ্মকালত ভাৰতৰ তাপমাত্ৰাই কিছু কিছু অঞ্চলত ৩৮ৰ পৰা ৪২ ডিগ্ৰী হয়গৈ৷
হজলৈ চৰকাৰী পদ্ধতিত যাবলৈ বহুপৰিমাণৰ ধন ব্যয় হয়৷ এই খৰচৰ বাবেই বহু যাত্ৰীয়ে ৰেজিষ্ট্ৰেচন অবিহনেই মক্কালৈ যায়৷ ৰেজিষ্ট্ৰেচন নথকাৰ বাবে ছৌদী আৰৱৰ চৰকাৰ প্ৰদত্ত সুযোগ, সুবিধা লাভ নকৰে এইসকল যাত্ৰীয়ে৷ যাত্ৰীয়ে শীততাপ নিয়ন্ত্ৰিত স্থানত থকাৰ সুবিধাও লাভ নকৰে৷ বিনা ৰেজিষ্ট্ৰেচনত হজযাত্ৰীয়ে মক্কাৰ যি কেম্পত আছে সেই কেম্পতো যথাযথ কোনো সুবিধা নাই যাৰবাবে স্বাস্থ্যৰ অৱনতি ঘটিছে বহু যাত্ৰীৰ৷ একাধিক পৰিসেৱা সম্পূৰ্ণ বন্ধও হৈ পৰিছে৷ আনকি একাংশই খাবৰ বাবে এটুপিও পানীও লাভ কৰা নাই৷ যাৰফলত হিটষ্ট্ৰোকত বহু মানুহৰ মৃত্যু হৈছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ