কলিযুগ সম্পৰ্কে পুৰাণত বিস্তৰ বৰ্ণনা আছে৷ অন্যন্য যুগৰ তুলনাত কলিযুগত ব্যক্তিসকলৰ আয়ুস কমিব৷ ব্ৰহ্মবৈবৰ্ত পুৰাণ অনুসৰি কলিযুগৰ ১০ হাজাৰ বছৰ অতিক্ৰম হোৱাৰ পাছত অদ্ভুত ঘটনা ঘটিব৷ এই পুৰাণত কলিযুগ সম্পৰ্কে যি ধৰণৰ ভৱিষ্যদ্বাণী কৰা হৈছে সেয়া জানিলে চমকি উঠিব৷ ব্ৰহ্মবৈবৰ্ত পুৰাণ অনুসৰি কলিযুগৰ প্ৰায় ৫ বছৰ অতিক্ৰম কৰিছে৷ আৰু ৫ হাজাৰ বছৰ অৰ্থাৎ মুঠ ১০ হাজাৰ পাৰ হৈ গ’লে এনে কিছু ঘটনাৰ সাক্ষী হ’ব বিশ্ববাসী যি ঘটনাৰ কথা পূৰ্বেই কৈছে পুৰাণে৷ কলিযুগৰ ১০ হাজাৰ বছৰ পাছত আৰু কি কি ঘটনা ঘটিব?
কলিযুগত বিলুপ্ত হ’ব গংগা, সৰস্বতী, তুলসী
পুৰাণ অনুসৰি কলিযুগৰ দহ হাজাৰ বছৰ পাৰ হৈ যোৱাৰ পাছত প্ৰথমে গংগা, সৰস্বতী আৰু তুলসী মৰ্ত্যৰ পৰা বিলুপ্ত হৈ পৰিব৷ অৰ্থাৎ বৈকুণ্ঠগামী হ’ব৷ এই তিনি দেৱীয়ে মৰ্ত্য ত্যাগ কৰাৰ পাছত বৃন্দাবন, কাশী আৰু অন্যান্য সমস্ত তীৰ্থ ধীৰে ধীৰে পৃথিৱীৰ পৰা হেৰাই যাব৷
কলিযুগত মৰ্ত্য এৰিব জগন্নাথেও
কলিযুগৰ ১০ হাজাৰ বছৰ অতিক্ৰম কৰাৰ পাছত শালিগ্ৰাম, শ্ৰীহৰিৰ মূৰ্তি, পুৰুষোত্তম ভগৱান জগন্নাথে মৰ্ত এৰি নিজৰ ধামলৈ প্ৰস্থান কৰিব৷ ইয়াৰোপৰি প্ৰায়সংখ্যক লোকেই পূজাৰ্চনা, উপবাস কৰা বন্ধ কৰিব৷ আনকি গাঁওসমূহত পালন কৰা দেবী-দেৱতাৰ পূজাও একেবাৰে বন্ধ হৈ পৰিব৷
কলিযুগত বাঢ়িব আমিষ খাদ্য, মদ্যপান
১০ হাজাৰ বছৰ পাছত ব্যক্তিয়ে অধিক পৰিমাণে আমিষ খাদ্য গ্ৰহণ কৰিব, মদ্যপান বাঢ়িব৷ ব্যক্তি ক্ৰমশ মিথ্যবাদী হৈ পৰিব৷ স্ত্ৰী পুৰুষে এজনে আনজনক প্ৰতাৰণা কৰিব৷
কলিযুগত এজন ব্যক্তিয়ে আনজন ব্যক্তিৰ সৈতে শত্ৰুতা কৰিব
কলিযুগত নিজৰ সফলতাৰ বাবে ব্যক্তিয়ে এজনে আনজনক প্ৰতাৰণা কৰিব৷ পৰিয়ালৰ সদস্যৰ মাজতো শত্ৰুতা বাঢ়িব৷ ভায়েক-ভনীয়েকেই এজনে আনজনৰ শত্ৰু হৈ পৰিব৷ সম্পৰ্কৰ মাধুৰ্যতা শেষ হ’ব৷ ৰক্তৰ সম্পৰ্কও মিছা প্ৰমাণিত হ’ব৷ কোনোৱে কাকো সহায় নকৰিব৷
কলিযুগত কমিব অন্নৰ উৎপাদন
পুৰাণ অনুসৰি কলিযুগৰ ১০ হাজাৰ বছৰ পাৰ হোৱাৰ পাছত অন্নৰ উৎপাদন ক্ৰমশ কমি যাব৷ অশ্লীল শব্দৰ প্ৰয়োগ বাঢ়িব৷ ব্যক্তিৰ ব্যৱহাৰত তিক্ততা নাথাকিব৷
কলিযুগত কৰৰ পৰিমাণ বাঢ়িব
ব্ৰহ্মবৈবৰ্ত পুৰাণ অনুসৰি কলিযুগত ব্যক্তিৰ পৰা অতিৰিক্ত কৰ আদায় কৰা হ’ব৷ ব্যক্তিয়ে কৰৰ বোজাৰ দুশ্চিন্তাত থাকিব৷ এই যুগত মানুহ হিংস্ৰ, নিষ্ঠুৰ আৰু মনুষ্যঘাতী হৈ উঠিব৷ ব্যক্তি ক্ৰমশ নাস্তিক হ’ব৷ আয়ুস কমিব৷ কলিযুগত নানান ৰোগত আক্ৰান্ত হ’ব মানুহ৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ