শিহৰণকাৰী, চলন্ত পুষ্পক ৰে’লৰ পৰা ট্ৰেকত পৰে ৮ যাত্ৰী, ৫ জন নিহত
৯ জুন সোমবাৰে পুৱা মহাৰাষ্ট্ৰৰ থানেত সংঘটিত হয় এক শোকাৱহ দুৰ্ঘটনা। থানেৰ মুম্ব্ৰা ৰেলৱে ষ্টেচনত চি এছ এম টি অভিমুখে যোৱা পুষ্পক ৰেলৰ পৰা বহু যাত্ৰী ট্ৰেকত বাগৰি পৰে। দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছতে ৰে’লৱে আৰু জি আৰ পিৰ বিষয়াসকলে সেই স্থানত উপস্থিত হয়।
পি আৰ অ’ চেণ্ট্ৰেল ৰেলৱেৰ ফলাৰ পৰা জানিবলৈ দিয়া মতে ৰে’লৰ পৰা দুৰ্ঘটনাবশতঃ ৮ জন যাত্ৰী বাগৰি পৰে। দুৰ্ঘটনা সংঘটিত হোৱাৰ কাৰণ ৰেলখনত অত্যধিক ভিৰ হোৱা বুলি জানিব পৰা গৈছে। তথ্য অনুসৰি এই দুৰ্ঘটনাত ৫জন লোকৰ মৃত্যু হৈছে।
খবৰ লাভৰ লগে লগে ৰে’ল প্ৰশাসন আৰু আৰক্ষী উপস্থিত হৈছে সেই স্থানত। আহতসকলক ততাতৈয়াকৈ ওচৰৰ চিকিৎসালয়লৈ লৈ যোৱা হৈছে। লগতে দুৰ্ঘটনাটোৰ তদন্ত আৰম্ভ হৈছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















