অসম লাইভ২৪ঃ মহা ধুমধামেৰে উদ্বোধন হৈছে ৰাম মন্দিৰৰ। সোমবাৰে শ্যামল বৰণীয়া পাথৰৰ বিশেষ ৰামমূৰ্তিত প্ৰাণৰ সঞ্চাৰ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। ৫বছৰ বয়সীয়া ৰামৰ সেই মূৰ্তি দেখি মুগ্ধ হৈছে ৰাম ভক্তসকলো। অযোধ্যাৰ এই মেগা উদ্বোধনী অনুষ্ঠানৰ পাছতেই সুসজ্জিত ৰামৰ মূৰ্তিটোৰ নামকৰণ কৰা হৈছে। এতিয়াৰে পৰা আপুনি ৰামলালা ক’ব নোৱাৰিব ৰামৰ মূৰ্তিটোক। তেন্তে কি নাম দিয়া হৈছে ৰামৰ সেই বিশেষ মূৰ্তিটোৰ?
সোমবাৰে প্ৰাণ প্ৰতিষ্ঠা কৰা ৫১ ইঞ্চি ওখ সেই ৰামলালাৰ মূৰ্তিটোত এতিয়াৰে পৰা কোৱা হ’ব ‘বালক ৰাম’। প্ৰাণ প্ৰতিষ্ঠা উৎসৱৰ পাছতেই ৰাম মন্দিৰৰ সৈতে জড়িত হৈ থকা এজন পুৰোহিত অৰুণ দীক্ষিতে কয়, ‘২২ জানুৱাৰীত প্ৰাণ প্ৰতিষ্ঠা কৰা ৰামলালাৰ সেই মূৰ্তিটোত আপোনালোকে ৰামলালা বুলি নক’ব। এই মূৰ্তিটোক এটা নাম দিয়া হৈছে। এতিয়াৰে পৰা বালক ৰাম বুলিহে মাতিব।’ কিন্তু কিয় নাম সলনি কৰা হ’ল সেই সন্দৰ্ভতো বিশদ বৰ্ণনা দাঙি ধৰিছে অৰুণ দীক্ষিতে। পুৰোহিতগৰাকীয়ে কয়, ‘যিহেতু ৰামৰ এই মূৰ্তিটোত ৰামৰ ৫বছৰ বয়সীয়া ৰূপ ফুটি উঠিছে সেয়ে ইয়াৰ নতুন নাম আমি ঠিৰাং কৰিছো।’
অৰুণ দীক্ষিতে কয়, ‘প্ৰথমবাৰ আমি যেতিয়া মূৰ্তিটো দেখিছিলো তেতিয়াই এই মূৰ্তি দেখিয়েই চকুলো বাগৰিছিল। সেই মুহূৰ্তৰ অনুভূতি মই ভাষাৰে বৰ্ণনা কৰিব নোৱাৰো।’ অৰুণ দীক্ষিতে বৰ্তমানলৈকে প্ৰায় ৫০-৬০টা প্ৰাণ প্ৰতিষ্ঠা উৎসৱত অংশ লৈছে। এই সন্দৰ্ভত তেওঁ কয়, ‘এতিয়ালৈকে যিমান প্ৰাণ প্ৰতিষ্ঠা অনুষ্ঠানত অংশ লৈছো তাৰ মাজত ৰামলালাৰ প্ৰাণ প্ৰতিষ্ঠা অনুষ্ঠান সকলোতকৈ অলৌকিক বুলি মই ক’ব খুজিম। সেই মুহূৰ্ত মোৰ বাবে স্বৰ্গীয় মুহূৰ্ত।’
সলনি হ’ব পূজাৰ নিয়মো
মন্দিৰৰ পূজাৰীসকলৰ প্ৰশিক্ষক আচাৰ্য মিথিলেশ নন্দিনী শৰণে কয়, ‘২৪ঘণ্টাৰ ভিতৰত আঁঠ প্ৰহৰত ৰামলালাৰ অষ্টনাম সেৱা আৰু ছয় বাৰ আৰতি হ’ব। আৰতিত মঙ্গল, শৃঙ্গাৰ, ভোগ, সাধনা, শয়ন থাকিব। ৰামলালাক জগোৱাৰ বাবেও আৰতি কৰা হ’ব। শৃঙ্গাৰৰ সময়ত হ’ব শৃঙ্গাৰ আৰতি। ইয়াৰোপৰি ভোগ দিয়াৰ সময়তো আৰতি কৰা হ’ব। ৰামলালাক কু-দৃষ্টিৰ পৰা ৰক্ষা কৰিবৰ বাবে উত্থাপন আৰতি আৰু তেওঁক শোৱাই দিয়াৰ সময়ত হ’ব শয়ন আৰতি। ইয়াৰ মাজত হ’ব মহাৰতিও।’
কি কি থাকিব ৰামলালাৰ ভোগত?
অৰুণ দীক্ষিতৰ কথাত, ‘ৰামলালাক পুৰী-তৰকাৰী, বাবৰী-ক্ষীৰ ভোগ হিচাপে দিয়া হ’ব। দুপৰীয়াৰ পাছতেই প্ৰতি ঘণ্টাত তেওঁক গাখীৰ ফল আৰু পেৰা দিয়া হ’ব। সোমবাৰৰ পৰা দেওবাৰলৈকে পৃথক পৃথক পোছাক পিন্ধোৱা হ’ব। সোমবাৰে বগা, মঙলবাৰে ৰঙা, বুধবাৰে সেউজীয়া, বৃহস্পতিবাৰে হালধীয়া ৰঙৰ পোছাক পিন্ধোৱা হ’ব। শুক্ৰবাৰে ক্ৰিম, শনিবাৰে নীলা আৰু দেওবাৰে গোলপীয়া ৰঙৰ পোছাক পিন্ধোৱা হ’ব। বিশেষ বিশেষ দিনত পীতাম্বৰ সাজেৰেও সজোৱা হ’ব ৰামলালাক।’
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ