অসম লাইভ ২৪ঃ ৰাৱণ মুছলমান যোদ্ধা আছিল নেকি? ‘আদিপুৰুষ’ৰ বাবে ছেইফ আলি খানে কৰা সাজ-সজ্জাক লৈ আৰম্ভ হৈছে বিতৰ্ক। ছবিখনৰ ট্ৰেইলাৰ মুক্তিৰ পিছতেই এতিয়া বিতৰ্কত সোমাই পৰিছে ছেইফ আলি খানো। ৰামায়ণৰ ইতিহাস বিকৃত কৰা বুলি অভিযোগ আনিছে ৰামমন্দিৰৰ প্ৰধান পূৰোহিতেও।
মহাকাব্যিক চৰিত্ৰক ভুলৰূপত দেখুওৱা হৈছে ছবিখনত। ৰাম মন্দিৰৰ প্ৰধান পুৰোহিত সত্যেন্দ্ৰনাথ দাসে তেওঁৰ মন্তব্যত উল্লেখ কৰা অনুসৰি এই ছবিৰ চৰিত্ৰসমূহত বিশেষকৈ ৰাৱণৰ সাজত ৰাৱণ পৰিস্ফুত হৈ উঠা নাই। ৰাৱণৰ সলনি মোগল কোনো সম্ৰাটহে দেখা গৈছে এই চৰিত্ৰটোত। ৰাম আৰু হনুমানৰ চৰিত্ৰটোতো বিসংগতি আছে বুলি মন্তব্য কৰিছে। এনে বিসংগতিপূৰ্ণ ছবিখন মুক্তি পাব নালাগে বুলিও উল্লেখ কৰিছে ৰাম মন্দিৰৰ মুখ্য পুৰোহিতগৰাকীয়ে।
উত্তৰপ্ৰদেশৰ উপমুখ্যমন্ত্ৰী কেশৱ প্ৰসাদ মৌৰ্যইয়ো ছবিখন মুক্তিৰ পূৰ্বেই ছবিখন উত্তৰ-পূৱত নিষিদ্ধ কৰাৰ বাবে ৰায় দিছে। হিন্দু ধৰ্মৰ মূল্যবোধত আঘাত কৰা ওম ৰাউত পৰিচালিত এই ছবিক লৈ বিশ্ব হিন্দু পৰিষদেও বিৰোধিতা কৰিছে। ১ মিনিট ৪৬ ছেকেণ্ডৰ টিজাৰটোৰ বিৰোধিতা কৰি আৰ এছ এছ প্ৰধানে কয় যে এইয়া মুছলমানৰ ষড়যন্ত্ৰ। ইপিনে মধ্যপ্ৰদেশৰ নৰোত্তম মিশ্ৰইয়ো এই ছবিৰ বিৰুদ্ধে আইনী পদক্ষেপ লোৱাৰ কথা ব্যক্ত কৰিছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ