ৰাজ্যজুৰি আৰম্ভ হৈছে ‘আয়ুষ্মান কাৰ্ড’ সেৱা। কিন্তু এই নতুন আঁচনিখনক লৈ মানুহৰ মাজত বিভ্ৰান্তিৰ অন্ত নাই। বহুতৰে মনত বিভিন্ন প্ৰশ্ন চিকিৎসালয়লৈ গ’লেই বিনামূলীয়া চিকিৎসা পামনে?
আয়ুষ্মান কাৰ্ড হাস্পতাল সেৱাঃ কেন্দ্ৰীয় চৰকাৰৰ বহু আঁচনিৰ ভিতৰত আটাইতকৈ চৰ্চিত আৰু জনপ্ৰিয় আঁচনিসমূহৰ ভিতৰত অন্যতম হৈছে ‘আয়ুষ্মান ভাৰত’ প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনা। এই আঁচনিৰ অধীনত প্ৰতিজন হিতাধিকাৰীক আয়ুষ্মান কাৰ্ড প্ৰদান কৰা হয়। আৰু যোগ্য ব্যক্তিসকলেহে আয়ুষ্মান কাৰ্ড লাভ কৰে।
আয়ুষ্মান কাৰ্ড পালে বিনামূলীয়া চিকিৎসা লাভ কৰিব পাৰিব। কিন্তু প্ৰশ্ন হয়, আবেদন কৰাৰ পিছতো বহু লোকে লাভ কৰা নাই আয়ুষ্মান কাৰ্ড। কেতিয়াবা, কাৰ্ড অবিহনে জৰুৰীকালীন অৱস্থাত উপনীত হৈ চিকিৎসা ল’ব পাৰে। সেই ক্ষেত্ৰত কি হ’ব পাৰে?
আয়ুষ্মান কাৰ্ডে বিনামূলীয়া চিকিৎসা নিশ্চিত কৰে:
- আয়ুষ্মান কাৰ্ডৰ দ্বাৰা বিনামূলীয়া চিকিৎসা লাভ কৰিব পাৰিব।
- এই কাৰ্ডৰ বাৰ্ষিক সীমা ৫ লাখ টকা।
- গতিকে, আয়ুষ্মান কাৰ্ডৰ জৰিয়তে আপুনি এবছৰত সৰ্বাধিক ৫ লাখ টকা পৰ্যন্ত বিনামূলীয়া চিকিৎসা লাভ কৰিব পাৰিব।
চিকিৎসালয়ত কেনেদৰে কাম কৰিব ‘আয়ুষ্মান ভাৰত’ আঁচনি?
- আয়ুষ্মান ভাৰত কাৰ্ডৰ জৰিয়তে বিনামূলীয়া চিকিৎসা লাভ কৰিবলৈ তালিকাভুক্ত চিকিৎসালয়লৈ যাব লাগিব।
- এই আঁচনিৰ অধীনত পঞ্জীয়নভুক্ত চিকিৎসালয়সমূহে আপোনাক বিনামূলীয়া চিকিৎসা প্ৰদান কৰিব পাৰিব।
- তেনে ক্ষেত্ৰত চিকিৎসালয়ৰ ‘আয়ুষ্মান ভাৰত মিত্ৰ হেল্প ডেস্ক’লৈ যাব লাগিব।
- হেল্প ডেস্কলৈ গৈ সংশ্লিষ্ট বিষয়াক লগ কৰিব লাগিব।
- আপুনি তেওঁলোকক আপোনাৰ আয়ুষ্মান কাৰ্ড দেখুৱাব লাগিব।
- তাৰ পিছত তেওঁলোকে নিজৰ প্ৰয়োজনীয়তা অনুসৰি আপোনাৰ তথ্য পৰীক্ষা কৰিব।
- সকলো ঠিকে থাকিলে বিনামূলীয়া চিকিৎসা দিয়া হ’ব।
চিকিৎসালয়ত থকাৰ সময়ত আয়ুষ্মান কাৰ্ড লগত লৈ যোৱাটো গুৰুত্বপূৰ্ণ নেকি?
যদি আপুনি কিবা কাৰণত আপোনাৰ আয়ুষ্মান কাৰ্ড আনিবলৈ পাহৰি যায় বা কাৰ্ডখন হেৰাই যায়, তেন্তে এনে পৰিস্থিতিত আপুনি আপোনাৰ পঞ্জীয়নভুক্ত মোবাইল নম্বৰ (আয়ুষ্মান কাৰ্ডৰ সৈতে লিংক কৰা) আয়ুষ্মান হেল্প ডেস্কত অৱগত কৰিব পাৰে। বিষয়াগৰাকীয়ে আপোনাৰ মোবাইল নম্বৰৰ জৰিয়তে আপোনাৰ অৱস্থা পৰীক্ষা কৰি বিনামূলীয়া চিকিৎসাৰ সুবিধা লাভ কৰাটো নিশ্চিত কৰিব।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ
















