ৰাজ্যৰ হাজাৰ হাজাৰ দৰিদ্ৰ কৰ্কট ৰোগীৰ মাজত হাহাকাৰ৷
বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানত বন্ধ হ’ল ‘আয়ুষ্মান ভাৰত’ সেৱা৷
পুঁজিৰ অভাৱত বন্ধ হ’ল ‘আয়ুষ্মান ভাৰত’ সেৱা৷
পূৰ্ব জাননী অবিহনেই বন্ধ কৰা হ’ল এই সেৱা৷
চৰকাৰে আদায় দিয়া নাই ‘আয়ুষ্মান ভাৰত’ৰ বকেয়া ধন৷
কেইবামাহৰ ধন দিবলৈ আছে চৰকাৰে৷
চৰম বিত্তীয় সংকটত পৰিছে BBCI কৰ্তৃপক্ষ৷
ধনৰ জোৰা মাৰিব নোৱাৰি অৱশেষত বন্ধ কৰিলে ‘আয়ুষ্মান ভাৰত’ সেৱা৷
ধন আদায় দিলে পুনৰ আৰম্ভ হ’ব এই সেৱা৷
পূৰ্ব জাননী অবিহনে ‘আয়ুস্মান ভাৰত’ সেৱা বন্ধ কৰাত বিমোৰত পৰিছে ৰোগী আৰু আত্মীয়সকল৷
পুৱা চিকিৎসাৰ বাবে অহা দৰিদ্ৰ ৰোগী, আত্মীয়ৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয়৷
চৰকাৰী চিকিতসালয়ত ‘আয়ুষ্মান ভাৰত’ বন্ধ নকৰাৰ ঘোষণা কৰিছিল মুখ্যমন্ত্ৰীয়ে৷
ব্যক্তিগত চিকিৎসালয়ৰ দুৰ্নীতিৰ বাবে সলনি কৰা হৈছিল ‘আয়ুষ্মান ভাৰত’ৰ নিয়ম৷
এতিয়াৰে পৰা কেন্সাৰ ৰোগীয়ে চৰকাৰী চিকিৎসালয়তহে পাব ‘আয়ুষ্মান ভাৰত’ৰ সুবিধা৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ