‘আজাদি কা অমৃত মহোৎসৱ’ উপলক্ষ্যে চৰকাৰে দেশৰ জনতালৈ আগবঢ়াইছে বিশেষ সুবিধা তথা উপহাৰ৷
চৰকাৰে ঘোষণা কৰা অনুসৰি আজাদি কা অমৃত মহোৎসৱ উপলক্ষ্যে আজি ৫ আগষ্টৰ পৰা ১৫ আগষ্টলৈ দেশৰ সকলো জাতীয় স্মৃতিসৌধত দেশৰ জনতাই বিনামূলীয়াকৈ প্ৰৱেশ কৰিব পাৰিব। সমগ্ৰ দেশৰ সংৰক্ষিত কীৰ্তিচিহ্নসমূহত পৰ্যটকসকলক বিনামূলীয়াকৈ প্ৰৱেশ কৰাৰ বিশেষ নিৰ্দেশ ভাৰতীয় প্ৰত্নতাত্ত্বিক জৰীপ চমুকৈ এএছ আইয়ে জাৰি কৰিছে।
নিৰ্দেশ অনুসৰি ৫ আগষ্টৰ পৰা কাৰ্যকৰী হ’ব এএছআইৰ এই নিৰ্দেশ, যিটো ১৫ আগষ্টলৈকে প্ৰযোজ্য হ’ব। এএছআইৰ মনুমেণ্ট-২ৰ সঞ্চালক ড০ এন কে পাঠকে জনোৱা মতে ৫ আগষ্টৰ পৰা সকলো স্মৃতিসৌধ, সংগ্ৰহালয় আৰু প্ৰত্নতাত্ত্বিক স্থানত দৰ্শনাৰ্থীৰ প্ৰৱেশ বিনামূলীয়া হ’ব। এই সকলো ঠাইতে প্ৰৱেশ মাচুল লোৱা নহ’ব।
লগতে পঢ়ক নপুংসক হলিউডৰ অভিনেতা জনী ডেপ! আদালতৰ নথিৰ পৰা ফাদিল এই তথ্য!
এই সম্পৰ্কীয় ঘোষণা সম্বলিত নিৰ্দেশনা সকলো আঞ্চলিক পৰিচালকলৈ প্ৰদান কৰা হৈছে। দেশত ৩৬০০ ৰো অধিক এএছআইৰ দ্বাৰা সুৰক্ষিত কীৰ্তিচিহ্ন আছে, যিবোৰৰ প্ৰতিটোৱেই অতুলনীয় সৌন্দৰ্য্য, ইতিহাস আৰু তাৎপৰ্যৰে গৌৰৱান্বিত।
ইয়াৰ উপৰিও ‘আজাদি কা অমৃত মহোৎসৱ’ৰ স্মৃতিত স্বাধীনতা দিৱসৰ দিনা সমগ্ৰ ভাৰতৰ ১৫০ খন ঐতিহ্যক্ষেত্ৰত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰা হ’ব। ভাৰতীয় প্ৰত্নতাত্ত্বিক জৰীপ (ASI)ৰ এজন বিষয়াই এই তথ্য প্ৰদান কৰে।
বিষয়াগৰাকীয়ে কয় যে কেন্দ্ৰীয়ভাৱে সুৰক্ষিত ১৫০টা কীৰ্তিচিহ্ন ত্ৰিৰঙ্গাৰে আলোকিত কৰা হ’ব আৰু কিছুদিনৰ পিছতে কাম আৰম্ভ হোৱাৰ সম্ভাৱনা আছে। এএছআই-এ এক বিবৃতিত কয় যে সমগ্ৰ দেশৰ ৭৫০ টা কীৰ্তিচিহ্নত স্বচ্ছতা অভিযান চলোৱা হ’ব।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ