বাবা বেংগাৰ ভৱিষ্যতবাণী, মংগল গ্ৰহত যুদ্ধ, সোনকালেই ধ্বংস হ’ব পৃথিৱী
সঠিক ভৱিষ্যদ্বাণী দিয়াৰ বাবে বিখ্যাত বুলগেৰিয়াৰ বালকানৰ বাবা ভাংগাৰ বহু ভৱিষ্যদ্বাণী সঁচা হৈ আহিছে। ইয়াৰে এটা আছিল ৱৰ্ল্ড ট্ৰেড চেণ্টাৰ (WTC)ত আক্ৰমণ। আনকি ২০২৩ চনতো বাবা ভেংগাই কৰা কিছু ভৱিষ্যদ্বাণী সঁচা হৈছে।
এতিয়া আকৌ এবাৰ ২০২৫ আৰু আগন্তুক বছৰবোৰৰ বাবে তেওঁৰ ভৱিষ্যদ্বাণী আহিল।
বাবা ভাংগা নামেৰে পৰিচিত ভাংগেলিয়া পাণ্ডেভা গুষ্টেৰ’ভা আছিল এগৰাকী অন্ধ বুলগেৰিয়ান ৰহস্যবাদী। যিজনৰ ১৯৯৬ চনত ৮৫ বছৰ বয়সত মৃত্যু হয়। তেওঁৰ মৃত্যুৰ পিছতো তেওঁ কৰি যোৱা ভৱিষ্যদ্বাণীত বিশ্বৰ মানুহ বিশ্বাস কৰি আহিছে।
‘বাল্কনৰ নষ্ট্ৰাডামুছ’ নামেৰে পৰিচিত বাবা ভেংগাই দাবী কৰিছিল যে তেওঁ বাৰ বছৰ বয়সত দৃষ্টিশক্তি হেৰুৱাইছিল আৰু তাৰ পিছত ভৱিষ্যদ্বাণীৰ দান গঢ়ি তুলিছিল।তেঁও কোৱা অনুসৰি-
২০২৫: ইউৰোপত এক বৃহৎ সংঘাতৰ ফলত মহাদেশখনৰ জনসংখ্যা যথেষ্ট হ্ৰাস পাব।
২০২৮: শক্তিৰ নতুন উৎস বিচাৰি উলিওৱাৰ প্ৰয়াসত মানৱতাই শুক্ৰ গ্ৰহত উপনীত হ’ব।
২০৩৩: মেৰু বৰফ গলিলে সাগৰৰ জলপৃষ্ঠ যথেষ্ট বৃদ্ধি পাব।
২০৭৬: বিশ্বজুৰি পুনৰ ঘূৰি আহিব কমিউনিজম।
২১৩০: অপাৰ্থিৱ সভ্যতাৰ সৈতে সংস্পৰ্শ।
২১৭০: বিশ্ব খৰাং।
৩০০৫: মংগল গ্ৰহত যুদ্ধ।
৩৭৯৭: পৃথিৱী ধ্বংস, যাৰ ফলত মানৱ জাতিয়ে সৌৰজগতৰ ভিতৰত থকা আন যিকোনো গ্ৰহ ভ্ৰমণ কৰিব পাৰিব।
৫০৭৯: পৃথিৱীৰ অন্ত।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ