অসম লাইভ২৪ঃ সকলোধৰণৰ ক্ৰিকেটৰ পৰা নেতৃত্ব এৰিলে বাবৰ আজমে। টুইটযোগে নিজেই এই পোষ্ট শ্বেয়াক কৰিছে বাবৰ আজমে। বিশ্বকাপত বেয়া নেতৃত্বৰ বাবেই সকলোধৰণৰ ফৰ্মেটৰ পৰা বিদায় ল’লে বাবৰ আজমে। বাবৰে বিশ্বকাপ খেলিবলৈ অহাৰ পূৰ্বে তেওঁলোক এদিনীয়া ক্ৰিকেটত এক নম্বৰ দল হৈ আছিল পাকিস্তান। কিন্তু সেই দলেই বিশ্বকাপৰ ছেমিফাইনেল খেলিব নোৱাৰিলে।
বেটিং, বলিং আৰু ফিল্ডিং তিনিটা বিভাগতেই ব্যৰ্থ হৈছে বাবৰবাহিনী। দেশলৈ উভটি গৈয়েই বাবৰে সেয়ে সকলো নেতৃত্বৰ পৰা অব্যাহতি লোৱাৰ কথা ঘোষণা কৰে। বুধবাৰে বিশ্বকাপৰ ছেমিফাইনেল খেলিছে ভাৰত-নিউজিলেণ্ডৰ মাজত। সেই মেচতেই বিৰাট কোহলিয়ে এদিনীয়া ক্ৰিকেটত ৫০তম শতৰান কৰিছে। সেই ঘটনাৰ কিছু ক্ষণৰ মাজতেই সামাজিকমাধ্যমৰ জড়িয়তে নেতৃত্ব এৰাৰ কথা ঘোষণা কৰে। তেওঁ টুইটত লিখিছে, ‘সকলো ফৰমেটৰ ক্ৰিকেটৰ পৰা মই বিদায় লৈছো। এই সিদ্ধান্ত লোৱা মোৰ বাবে খুবেই কঠিন আছিল। কিন্তু মই ভাৱো এয়াই সঠিক সময়। নেতৃত্ব এৰিলেও মই পাকিস্তানৰ হৈয়েই ক্ৰিকেট খেলিম। নতুন অধিনায়কক সকলো ধৰণৰ সাহায্য আগবঢ়াম। মোৰ ইমান দিনৰ অভিজ্ঞতাৰ ভাগ বটোৱাৰা কৰি যাম।’
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ