এদিন-দুদিন নহয়, আগষ্ট মাহত ১৪ দিন বন্ধ থাকিব বেংক
বেংকৰ লেনদেনৰ গুৰুত্বৰ কথা সকলোৱে জানে। সেয়ে বেংক এটা বন্ধ হোৱা মানে বহু লোকৰ বহু কামৰ ক্ষতি হোৱা। সেয়ে বেংক বন্ধৰ বিষয়ে ভালদৰে জানি থব বিচাৰে বহু লোকে।
পাছে এইবাৰ ২০২৪ চনত আগষ্ট মাহত কেইবাদিনো বন্ধৰ দিন পৰিছে। দেশজুৰি সৰ্বমুঠ ১৪ দিন বন্ধ থাকিব বেংক। ভাৰতীয় ৰিজাৰ্ভ বেংকে ইয়াৰ ৱেবছাইটত এই সন্দৰ্ভত তথ্য আপলোড কৰিছে।
আগষ্ট মাহৰ পৰা আৰম্ভ হয় হিন্দু উৎসৱ। এই মাহতে পৰে ৰক্ষাবন্ধন, জন্মাষ্টমী আৰু স্বাধীনতা দিৱসৰ দৰে কেইবাটাও অনুষ্ঠান। সেয়ে শীঘ্ৰে নিজৰ দৰকাৰী কাম সম্পূর্ণ কৰিব লওক। উৎসৱৰ উপৰিও ৪টা দেওবাৰ আৰু ২টা শনিবাৰেও বেংকসমূহ বন্ধ থাকিব।
আগষ্ট মাহত কোন দিনত বেংক বন্ধ হ’ব?
কেৰ পূজা উপলক্ষে অহা ৩ আগষ্টত আগৰতলাত বন্ধ থাকিব বেংক।
৪ আগষ্ট দেওবাৰ। সমগ্ৰ দেশতে বন্ধ থাকিব বেংক।
৭ আগষ্টত হৰিয়ালি তীজ, হাৰিয়ানাত বন্ধ থাকিব বেংক।
৮ আগষ্টত ছিকিমত উদযাপন কৰা হ’ব টেণ্ডং লো ৰাম ফাট উৎসৱ, সেয়ে গেংটকত বেংক বন্ধৰ দিন।
১০ আগষ্ট মাহৰ দ্বিতীয় শনিবাৰ। এই দিনটোতো সমগ্ৰ দেশৰ বেংকসমূহত ছুটী থাকিব।
১১ আগষ্টৰ দেওবাৰ।
১৩ আগষ্টত পেট্ৰিয়াট দিৱস। ইম্ফলত বন্ধ থাকিব বেংক।
স্বাধীনতা দিৱস ১৫ আগষ্ট। এই দিনটোত সমগ্ৰ দেশতে বেংক বন্ধ থাকিব।
১৮ আগষ্ট দেওবাৰ।
ৰাক্ষবন্ধন উৎসৱ ১৯ আগষ্টত। আহমেদাবাদ, জয়পুৰ, কানপুৰ, লক্ষ্ণৌকে ধৰি বহু ঠাইত বেংক বন্ধ থাকিব।
২০ আগষ্টত শ্ৰী নাৰায়ণ গুৰু জয়ন্তী। কোচি আৰু তিৰুৱনন্তপুৰমত বন্ধ থাকিব বেংক।
২৪ আগষ্ট মাহৰ চতুৰ্থ শনিবাৰ।
২৫ আগষ্ট দেওবাৰ।
২৬ আগষ্ট জন্মাষ্টমী উলক্ষে সমগ্ৰ দেশতে বেংক বন্ধ থাকিব।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ