আজি এবাৰ নহয় দুবাৰকৈ মুখামুখি হ’ব ভাৰত-শ্ৰীলংকা, এখন ফাইনেল আনখন টি২০
আজি ২৮ জুলাই দেওবাৰে ভাৰত আৰু শ্ৰীলংকাৰ মাজত এখন নহয় দুখনকৈ মেচ অনুষ্ঠিত হ’ব। এখন চূড়ান্ত মেচ দুয়ো দেশৰ মাজত অনুষ্ঠিত হ’ব, আনহাতে আনখন মেচ হ’ব দ্বিপাক্ষিক শৃংখলা।
এইকেইদিন ভাৰত আৰু শ্ৰীলংকাৰ পুৰুষৰ দলৰ মাজত তিনিদিনীয়া টি-২০ ছিৰিজ অনুষ্ঠিত হৈছে। এই ছিৰিজৰ প্ৰথমখন খেল যোৱা শনিবাৰে ২৭ জুলাইত অনুষ্ঠিত হৈছিল আৰু দ্বিতীয়খন মেচ আজি অনুষ্ঠিত হ’ব। ইয়াৰ উপৰিও আজি মহিলা এছিয়া কাপ ২০২৪ৰ ফাইনেলত ভাৰত আৰু শ্ৰীলংকাৰ মহিলা দলৰ মুখামুখি হ’ব।
মহিলা এছিয়া কাপ ২০২৪ৰ ফাইনেলত মুখামুখি হ’ব ভাৰত আৰু শ্ৰীলংকাৰ মহিলাৰ দল। ভাৰতীয় সময় অনুসৰি দিনৰ ৩ বজাৰ পৰা ডাম্বুলাৰ ৰংগিৰি ডাম্বুল্লা আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত দুয়ো দেশৰ মাজত খিতাপৰ খেলখন অনুষ্ঠিত হ’ব।
পুৰুষ দলৰ ভাৰত আৰু শ্ৰীলংকাৰ মাজত অনুষ্ঠিত হ’বলগীয়া তিনিদিনীয়া খেলৰ টি-২০ শৃংখলাৰ দ্বিতীয়খন খেল সন্ধিয়া ৭ বজাত ভাৰতীয় সময় অনুসৰি অনুষ্ঠিত হ’ব। টি-২০ শৃংখলাৰ দ্বিতীয়খন খেল পালেকেলেৰ পালেকেলে আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত অনুষ্ঠিত হ’ব।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ