বহুতেই তেওঁলোকৰ মূল্যবান গহনা, গুৰুত্বপূৰ্ণ নথি আৰু ব্যক্তিগত সামগ্ৰী নিৰাপদে ৰাখিবলৈ বেংক লকাৰ ভাড়া কৰে৷ গ্ৰাহকে বিচাৰিলে যৌথ লকাৰো ল’ব পাৰে৷ ইয়াৰ বাবে উভয় গ্ৰাহকেই বেংকলৈ গৈ যৌথ স্মাৰকলিপিত স্বাক্ষৰ কৰিব লাগে৷ লকাৰৰ বাবে এজন নমিনিও মনোনীত কৰিব পাৰে৷ লকাৰত যাৰ নাম আছে, তেওঁৰ মৃত্যু হ’লে আৰু তেওঁ কাৰোবাক মনোনীত কৰা থাকিলে বেংকে সেই ব্যক্তিক লকাৰ খুলিবলৈ দিয়ে আৰু সম্পূৰ্ণ তথ্য পৰীক্ষা কৰিহে মূল্যবান সামগ্ৰী ওলিয়াবলৈ দিয়ে৷ অৱশ্যে লকাৰত যি ইচ্ছা সেয়াই ৰাখিব নোৱাৰি৷ লকাৰত আপুনি কি কি ৰাখিব পাৰে তাৰো তালিকা দি থৈছে আৰ বি আইয়ে৷
আৰ বি আইৰ নিৰ্দেশনা অনুসৰি কোনো বেংকেই লকাৰত কেচ টকা ৰখাৰ অনুমতি নিদিয়ে৷ লকাৰত গহনা, সম্পত্তি সম্পৰ্কিত নথি, ঋণৰ নথি, জন্ম বা বিবাহৰ পঞ্জিয়ন পত্ৰ, বীমা পলিছিৰ দৰে নথি আৰু অন্যান্য বৈধ সামগ্ৰী ৰখাৰহে অনুমতি দিয়ে৷ আৰ বি আইৰ নিৰ্দেশনা অনুসৰি, লকাৰত নগদ টকা আৰু মুদ্ৰা ৰখা নিষিদ্ধ৷ ইয়াৰোপৰি অস্ত্ৰ, গোলাবাৰুদ, মাদক, বিস্ফোৰক, নিষিদ্ধ সামগ্ৰী, পচনশীল বা তেজস্ক্ৰিয় সামগ্ৰী আৰু বেংকৰ গ্ৰাহকৰ বাবে সমস্যা সৃষ্টি কৰিব পৰা এনে কোনো সামগ্ৰী লকাৰত ৰাখিব নোৱাৰি৷
ষ্টাম্প পেপাৰত চুক্তি
RBIয়ে ২০২২ চনৰ আগষ্ঠত ছেফ ডিপোজিট লকাৰৰ বাবে সংশোধিত নিয়ম জাৰি কৰিছিল, যি ২০২৩ চনৰ জানুৱাৰীৰ পৰা পুৰণি লকাৰ ধাৰকসকলৰ বাবে আৰু ২০২২ চনৰ জানুৱাৰীৰ পৰা নতুন গ্ৰাহকসকলৰ বাবে কাৰ্যকৰ হৈছে৷ এই নিয়মসমূহৰ অধীনত নতুন ষ্টাম্প পেপাৰত গ্ৰাহকৰ সৈতে লকাৰ চুক্তি সম্পন্ন কৰা বেংকসমূহৰ বাবে এতিয়া বাধ্যতামূলক৷ বেংকসমূহে এবাৰত সৰ্বোচ্চ তিনি বছৰৰ বাবে ভাড়া আদায় কৰিব পাৰে৷ বেংকে খালী লকাৰ আৰু ৱেইটিং লিষ্ট সম্পৰ্কেও তথ্য প্ৰকাশ কৰিব লাগে৷
বেংকৰ ক্ষতিপূৰণ
আৰ বি আইৰ নিয়ম অনুসৰি বেংকৰ অৱহেলা বা নিৰাপত্তাৰ ত্ৰুটিৰ কাৰণে লকাৰত ৰখা সামগ্ৰী ক্ষতিগ্ৰস্থ হ’লে ক্ষতিপূৰণ বেংকে ভৰিব লাগে৷ জুই লগা, চুৰি হোৱা, ডকাইতি আদিৰ বাবে বেংক দায়ী৷ বন্যা বা ভূমিকম্পৰ দৰে প্ৰাকৃতিক দুৰ্যোগত বেংক লকাৰত ৰখা সামগ্ৰী নষ্ট হ’লে তাৰবাবে অৱশ্যে বেংক দায়ী নহয়৷ জানি থোৱা প্ৰয়োজন যে লকাৰত ৰখা কোনো সামগ্ৰী হেৰাই গ’লে বা নষ্ট হৈ গলে বেংকে সেই সামগ্ৰীৰ সম্পূৰ্ণ মূল্য গ্ৰাহকক নিদিয়ে৷ বাৰ্ষিক ভাড়াৰ মাত্ৰ ১০০ গুণ পৰ্যন্তহে ক্ষতিপূৰণ দিয়া হয়৷ যদি লকাৰৰ বাৰ্ষিক ভাড়া ১০০০ টকা হয় তেন্তে সৰ্বোচ্চ ক্ষতিপূৰ্ণ ১ লাখ টকা পৰ্যন্ত হ’ব পাৰে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ