যদি সুদৰ হাৰ ৫০বেচিছ পয়েণ্ট কমাৰ হিচাপ কৰা হয় তেন্তে সুদৰ হাৰ হ’ব ৮.২০শতাংশ৷ এইক্ষেত্ৰত ইএম আই হ’ব ৩৭,৩৮৮ টকা৷ ফলত প্ৰতি মাহত ঋণগ্ৰহীতাই ১৭৬৯টকা বচাব পাৰিব৷ অৰ্থাৎ যদি সুদৰ হাৰ মাত্ৰ ০.৫ বেছিচ পয়েণ্ট কমে তেন্তে উপৰত দিয়া হিচাপ অনুসৰি বছৰত ২১ হাজাৰ টকাতকৈ বেছি ধন ৰেহাই কৰিব পাৰিব৷ যিসকলে ২০ অথৱা ৩০ বছৰৰ দীৰ্ঘম্যাদি ঋণ লৈছে তেওঁলোকে সেই হিচাপত বহু ধন সঞ্চয় কৰিব পাৰিব৷
ইয়াৰোপৰি কাৰোবাৰ যদি ৫ বছৰৰ বাবে ১২শতাংশ সুদৰ হাৰত ৫ লাখ টকাৰ পাৰ্চনেল লোণ আছে তেন্তে ০.২৫শতাংশ সুদৰ হাৰ কমিলে EMI ১১,২৮২ টকাৰ পৰা কমি হ’ব ১১,১৪৯ টকা৷ অৰ্থাৎ প্ৰতি মাহত ১৩৩ টকা সঞ্চয় কৰিব পাৰিব৷ যিসকলে ইতিমধ্যেই লোন লৈ থৈছে তেওঁলোকৰ ঋণ যদি ফোলটিং ইণ্টাৰেষ্ট ৰেটত লোৱা থাকে সেইক্ষেত্ৰত তেওঁলোকেও ৰেপো ৰেট কমাৰ সুবিধা পাব৷ কিন্তু যদি ফিক্সড ইণ্টাৰেষ্ট ৰেটত ঋণ লোৱা থাকে তেন্তে ৰেপো ৰেট কমিলেও ই এম আই অপৰিবৰ্তিত থাকিব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ