সমুদ্ৰ শাস্ত্ৰ অনুসৰি শৰীৰৰ অংগ প্ৰত্যঙ্গৰ গঠন আৰু আকৃতিৰ ওপৰত ভিত্তি কৰি এজন ব্যক্তিৰ স্বভাৱ আৰু অন্যান্য বিষয় সম্পৰ্কিত গুৰুত্বপূৰ্ণ তথ্য পোৱা যায়৷ পৃথিৱীত বেছিভাগ মানুহৰ আঙুলি স্বাভাৱিক দৈৰ্ঘ্যৰ হয় যদিও কিছু কিছু মানুহৰ আঙুলিৰ দৈৰ্ঘ্যত পাৰ্থক্য থাকে৷
বিশেষকৈ ভৰিৰ দ্বিতীয় আঙুলি, অৰ্থাৎ বৃদ্ধাঙ্গুলিৰ কাষৰ আঙুলিটো যদি ডাঙৰ হয় তেন্তে শাস্ত্ৰক সেই সন্দৰ্ভত লিখা আছে বিশেষ তথ্য৷ যিসকলৰ বুঢ়া আঙুলিৰ ঠিক কাষত আন এটি বুঢ়া আঙুলি থাকে তেওঁলোকৰ স্বভাৱত বিশেষকৈ অন্যতকৈ পৃথকতা থাকে৷ এই সন্দৰ্ভত কি কৈছে জ্যোতিষশাস্ত্ৰত?
যিসকলৰ বৃদ্ধাঙ্গুলিৰ কাষৰ আঙুলিটো ডাঙৰ তেওঁ পুৰুষ বা মহিলা যিয়েই নহওক৷ তেনে লোক ভাগ্যবান হয়৷ তেওঁলোকৰ মুখমণ্ডল আকৰ্ষণীয় আৰু অন্যক আকৃষ্ট কৰাৰ এক অনন্য ক্ষমতা তেওঁলোকৰ আছে৷ যদি কোনো মহিলাৰ দ্বিতীয় আঙুলি ডাঙৰ তেন্তে তেওঁৰ স্বামীয়ে খুবেই ভালপায়৷ এনে মহিলা বাহিৰে খঙাল আৰু ভিতৰি খুবেই শান্ত৷
এই ধৰণৰ মানুহৰ জীৱনৰ প্ৰথম দিশটো সংগ্ৰামেৰে পৰিপূৰ্ণ থাকে৷ কিন্তু কঠোৰ পৰিশ্ৰম আৰু শক্তিৰে তেওঁলোকে অৱশ্যেই সাফল্য অৰ্জন কৰে৷ এই ধৰণৰ লোক পৰিশ্ৰমী, উদ্যমী আৰু তেওঁলোকে কামৰ প্ৰতি অত্যন্ত নিবেদিত প্ৰাণ৷ তেওঁলোকে যি কামেই নকৰক কিয় সফলতা লাভ কৰেই৷
যদি এই আঙুলি অত্যন্ত দীঘল তেন্তে কিছু আলস্যৰো লক্ষণ এয়া৷ তেওঁলোকৰ নেতৃত্ব দিয়াৰ ক্ষমতা আছে৷ কিন্তু কোনোৱে যদি তেওঁলোকক বাধা দিয়ে তেওঁলোকে সহ্য কৰিব নোৱাৰে৷ তেওঁলোক আৰ্থিকভাৱে সক্ষম হয় কিন্তু তেওঁলোকৰ সাফল্য কেৱল জীৱনৰ মধ্যবয়সত অৰ্থাৎ ৩৫-৪০ বছৰ বয়সৰ পাছতহে বেছি দৃশ্যমান হয়৷ তেওঁলোকৰ হৃদয় কোমল৷ কোনো তিক্ততাই তেঁওলোকে সহ্য কৰিব নোৱাৰে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ