গজকেশৰী ৰাজযোগ জ্যোতিষশাস্ত্ৰত এক শুভ যোগ বুলি বিবেচিত হয়৷ যেতিয়া চন্দ্ৰ আৰু দেৱতাসকলৰ গুৰু বৃহস্পতিয়ে কোনো ৰাশিত সংযোগ স্থাপন কৰে তেতিয়াই গজকেশৰী ৰাজযোগ তৈয়াৰ হয়৷ ২৯ এপ্ৰিলত চন্দ্ৰই বৃষ ৰাশিত প্ৰৱেশ কৰিব৷ বৃষ ৰাশিত চন্দ্ৰৰ প্ৰৱেশৰ লগে লগেই তাত পূৰ্বৰে পৰা থকা দেৱগুৰু বৃহস্পতিৰ সৈতে সংযোগ স্থাপন কৰিব৷দেৱগুৰু বৃহস্পতি আৰু চন্দ্ৰৰ সংযোগত গজকেশৰী ৰাজযোগ তৈয়াৰ হ’ব৷ এই ৰাজযোগৰ কাৰণে কিছু মানুহৰ জীৱনলৈ সুখ আহিব৷ গজকেশৰী যোগে মনক শান্তি দিয়ে৷ চিন্তাশক্তি বৃদ্ধি কৰে আৰু মানুহৰ মাজত নেতৃত্বৰ গুণাবলী বিকাশ কৰে৷ এই যোগে ইতিবাচক শক্তিক সক্ৰিয় কৰে যিয়ে মানুহক তেওঁলোকৰ কামৰ ওপৰত মনোযোগ আৰু আত্মবিশ্বাসৰ সৈতে আগুৱাই যোৱাত সহায় কৰে৷ এই ধৰণৰ জাতকে জীৱনৰ প্ৰতিটো ক্ষেত্ৰত সাফল্য লাভ কৰে৷ জানি থওক ভাগ্যবান ৰাশিসমূহ কি কি?
বৃষ ৰাশি
এই যোগ কেৱল বৃষ ৰাশিতেই তৈয়াৰ হৈছে সেয়ে বৃষ ৰাশিৰ জাতকে যথেষ্ট সুবিধা পাব৷ আপোনাৰ ব্যক্তিত্ব আৰু চিন্তাভাৱনাত ইতিবাচক পৰিবৰ্তন আহিব৷ যদি আপুনি দীৰ্ঘদিন ধৰি কোনো বিষয়ত সিদ্ধান্ত ল’ব পৰা নাই তেন্তে এতিয়াই স্পষ্ট সিদ্ধান্ত ল’ব পাৰিব৷ ব্যক্তিগত আৰু পেছাগত জীৱনত সকলোবোৰ ঠিক হব৷ পৰিয়ালত ভালপোৱা আৰু সমৰ্থন বৃদ্ধি পাব৷ আপুনি যদি কোনো নতুন প্ৰকল্প বা কাম আৰম্ভ কৰিব খোজে তেন্তে এই সময় খুবেই ভাল সময়৷
কন্যা ৰাশি
কন্যা ৰাশিৰ জাতকৰ বাবে এই যোগে তেওঁলোকৰ সৃজনশীলতা, পঢ়াশুনা আৰু প্ৰেমময় জীৱনত বঢ়াই তুলিব৷ যিসকলে পৰীক্ষা, সাক্ষাৎকাৰ বা যিকোনো প্ৰতিযোগিতাৰ বাবে প্ৰস্তুতি লৈছে তেওঁলোকৰ বাবে এই সময় খুবেই অনুকূল৷ ইয়াৰোপৰি যিসকল সম্পৰ্কত আছে তেওঁলোকে ঘনিষ্ঠতা বঢ়োৱা আৰু সম্পৰ্কক আগুৱাই যোৱাৰ বাবে এই সময় ভাল৷ আপুনি যদি নতুন কিছু শিকিব খোজে, কোনো সৃজনশীল প্ৰকল্প আৰম্ভ কৰিব খোজে তেওঁলোকৰ বাবে এই সময় উপযুক্ত সময়৷
মকৰ ৰাশি
এই সমন্বয়ে মকৰ ৰাশিৰ জাতকৰ বাবে কেৰিয়াৰ, অৰ্থ, আৰু ভৱিষ্যৎ পৰিকল্পনাৰ দিশৰ পৰা দুৰ্দান্ত হ’ব৷ আপোনাৰ কামৰ মূল্য বৃদ্ধি পাব৷ নতুন কোনো দায়িত্ব ল’ব পাৰে৷ যিসকলে ব্যৱসায় বা বিনিয়োগত ডাঙৰ কিছু আৰম্ভ কৰিব খোজে তেওঁলোকে ভাল সুযোগ পাব৷ সন্তান সম্পৰ্কিত কিছু সুসংবাদ বা পাৰিবাৰিক সুখ বৃদ্ধিৰ ইংগিতো আছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ