বেংকৰ পৰা টকা উলিওৱা বা ধন জমা দিয়াৰ লগে লগে এছ এম এছ আহে৷ চেক ক্লিয়াৰেন্স বা অন্যান্য কামৰ ক্ষেত্ৰতে একেই৷ SMS এলাৰ্টৰ পৰা গ্ৰাহকৰ সুবিধাও হয়৷ একাউণ্টৰ যাৱতীয় খুঁটিনাটি হাতৰ মুঠিতেই থাকে৷ কিন্তু বহুতেই ভাৱে যে বেংকে বোধহয় এই ছাৰ্ভিচ ফ্ৰিতেই দিয়ে৷ এয়া মুঠেও নহয়৷ ইয়াৰবাবে চাৰ্জ দিব লাগে৷
এছ এম এছ এলাৰ্ট এক পৰিসেৱা৷ ইয়াৰবাবে গ্ৰাহকৰ পৰা চাৰ্জ কটা হয়৷ সম্প্ৰতি এছ এম এছ পৰিসেৱাৰ ক্ষেত্ৰত নতুন চাৰ্জ লাঘু কৰিলে এক্সিছ বেংকে৷ বেংকৰ তৰফৰ পৰা জনোৱা হৈছে যে এতিয়াচে পৰা এটা SMSৰ বিপৰীতে ২৫ পইছাকৈ চাৰ্জ ধৰা হ’ব৷ অথৱা তিনিমাহত একেলগে সৰ্বাধিক ১৫টকা কটা হ’ব৷
কৈ থোৱা ভাল যে, তিনিবছৰ পূৰ্বে অৰ্থাৎ ২০২১ চনত ট্ৰাইৰ নিয়ম অনুসৰি SMS পৰিসেৱাৰ নিয়ম পৰিবৰ্তন কৰিছিল AXIS বেংকে৷ তাৰপাছৰে পৰা AXIS বেংক একাউণ্ট হল্ডাৰসকলৰ পৰা SMS পৰিসেৱাৰ বাবদ তিনিমাহত ২৫ টকা চাৰ্জ কটা হ’ব৷ ২০২১ চনৰ ১ জুলাইৰ পৰা লাঘু হৈছিল এই নিয়ম৷
কৈ থোৱা ভাল যে তিনি বছৰ পূৰ্বে অৰ্থাৎ ২০২১ চনত ট্ৰাইৰ নিয়ম অনুসৰি SMS পৰিসেৱাৰ নিয়ম পৰিবৰ্তন কৰিছিল এক্সিছ বেংকে৷ তাৰপাছৰে পৰা এক্সিছ বেংক একাউণ্ট হোল্ডাপসকলৰ পৰা এছ এম এছৰ বাবদ ২৫ পইছাকৈ একেলগে তিনিমাহৰ বাবদ কাটি লোৱা হ’ব৷
২০২৪ চনৰ ১৫ ডিচেম্বৰৰ পৰা SMSৰ বিপৰীতে ২৫ পইছাকৈ তিনি মাহত সৰ্বাধিক ১৫টকা চাৰ্জ দিব লাগিব গ্ৰাহকে৷ এক্সিছ বেংকৰ প্ৰিমিয়াম একাউণ্ট হোল্ডাৰ, বেংক ষ্টাফ, চেলাৰী একাউণ্ট হোল্ডাৰ, পেনছন একাউণ্ট হোল্ডাৰ, স্মল এণ্ড বেছিক একাউণ্ট হোল্ডাৰসকলক এই নিয়মৰ বাহিৰত ৰখা হৈছে৷ এই পৰিসেৱাৰ বাবে তেওঁলোকৰ বাবে কোনো চাৰ্জ টকা নহয়৷ একেধৰণে বেংকৰ পক্ষৰ পৰা কোনো বিজ্ঞাপ্তি বা অটিপি মেছেজ গ’লেও চাৰ্জ লোৱা নহ’ব বুলি জনাইছে এক্সিছ বেংকে৷
গ্ৰাহকে বিচাৰিলে বেংকৰ এছ এং এছ চাৰ্ভিছ বন্ধ কৰি দিব পাৰে৷ ইয়াৰবাবে এক্সিছ বেংকৰ কাষ্টমাৰ কেয়াৰ নম্বৰত (১৮৬০-৪১৯-৫৫৫৫ / ১৮৬০-৫০০-৫৫৫৫) ফোন কৰি SMS এলাৰ্ট ছাৰ্ভিছ বন্ধ কৰাৰ আবেদন কৰিব পাৰে৷ গ্ৰাহকৰ নথি পৰীক্ষাৰ পাছত বেংকে এই চাৰ্ভিছ বন্ধ কৰি দিব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















