এইখন দেশত কেৱল আৰক্ষীয়েই নহয় ভুৱা আৰক্ষী থানা চলি আছে৷ বিহাৰত এখন ভুৱা থানা ধৰা পৰিছে৷ থানাখনত আৰক্ষী বিষয়াৰ পৰা চকীদাৰলৈকে সকলোবোৰেই আছিল ভুৱা৷
প্ৰকাশিত বাতৰি অনুসৰি এই ভুৱা থানাখন যোৱা ৮ মাহ ধৰি অঞ্চলটোত সক্ৰিয় হৈ ৰাইজৰ পৰা ধন দাবী কৰি আহিছিল৷ এই ভুৱা থানাখন বাংকা চহৰৰ এটা ব্যক্তিগত অতিথিশালাত চলি আছিল। আশ্চৰ্যজনকভাৱে জিলা সদৰত চলি থকা এই ভুৱা থানাৰ বিষয়ে কোনেও গম পোৱা নাছিল।
এই সন্দৰ্ভত বাংকা থানাই জনোৱা মতে, এক গোপন তথ্যৰ ভিত্তিত আৰক্ষীয়ে এজন অপৰাধীক গ্ৰেপ্তাৰ কৰিবলৈ গৈছিল। ৰেইডিং কৰি থানালৈ উভতি অহাৰ সময়তে বাংকা গেষ্ট হাউচৰ সন্মুখৰ ৰাস্তাত এগৰাকী অচিনাকি মহিলা আৰু আৰক্ষীৰ সাজ-পোছাক পৰিহিত এজন যুৱক উপস্থিত হয়।
লগতে পঢ়ক মহিলাক ঋতুস্ৰাৱকালীন সামগ্ৰী বিনামূল্যে প্ৰদান কৰিবলৈ আইন বলৱৎ
সন্দেহৰ ভিত্তিত তেওঁক সোধা-পোছা কৰাত ভুৱা থানাৰ বিষয়টো পোহৰলৈ আহে। SHO গৰাকীয়ে জনোৱা মতে, ধৃত মহিলা অনিতাই নিজকে আৰক্ষী বিষয়া বুলি পৰিচয় দিছিল। তেওঁৰ পৰা এটা অবৈধ পিষ্টলও উদ্ধাৰ কৰা হৈছে।
আনহাতে গ্ৰেপ্তাৰ হোৱা দ্বিতীয়জন অভিযুক্তৰ নাম আকাশ কুমাৰ। তেওঁ নিজকে থানাৰ চকীদাৰ বুলি পৰিচয় কৰিছিল। ধৃত অনিতা বাংকা জিলাৰ ফুলিডুমাৰৰ দুধঘটীয়াৰ বাসিন্দা। তেওঁ জনোৱা মতে, ফুলিডুমাৰৰ ভোলা যাদৱে পৰিদৰ্শকজনক বাংকাৰ সেই ভুৱা থানাত নিযুক্তি দিছে।
নিজৰ কামৰ সন্দৰ্ভত অনিতাই ক’লে যে য’তেই চৰকাৰী ঘৰ ইত্যাদি নিৰ্মাণ কৰা হয়, তাতেই তেওঁলোকে তদন্ত কৰিবলৈ যায় আৰু ধন সংগ্ৰহ কৰে।
লগতে পঢ়ক সাৱধান হওক স্বামীসকল! পত্নীক অত্যাচাৰ কৰিলে এৰিব লাগিব নিজৰে ঘৰ!
একে সময়তে ধৃত আকাশৰ মতে, ভোলা যাদৱক ৭০ হাজাৰ টকা দি ভুৱা থানাত চকীদাৰৰ কাম কৰি আছিল। SHO গৰাকীৰ মতে, এই কাৰ্যালয়ত পুনৰ নিযুক্তি দিয়া সকলো জোৱানক আৰক্ষীৰ ইউনিফৰ্ম আৰু অবৈধ পিষ্টল যোগান ধৰি আহিছিল গেংষ্টাৰ ফুলিডুমাৰৰ ভোলা যাদৱে।
এই কথা নিশ্চিত কৰি আৰক্ষী অধীক্ষক ডাঃ সত্য প্ৰকাশে কয় যে এই প্ৰৱঞ্চকৰ দলটোৱে পাটনা স্কৰ্ট টিমৰ নামত বাংকাত এটা কাৰ্যালয় চলাইছিল। ইয়াৰ পৰা আৰক্ষীৰ ইউনিফৰ্ম পৰিহিত একাংশ সন্দেহজনক লোকক গ্ৰেপ্তাৰ কৰা হৈছে। ভুৱা কাৰ্যালয়টোৰ পৰা কিছু কাগজ-পত্ৰৰ লগতে জব্দ কৰা হৈছে বিহাৰ আৰক্ষীৰ ইউনিফৰ্ম, বেচ আদি।
আৰক্ষী অধীক্ষকৰ মতে, এই চক্ৰটোৰ সৈতে জড়িত লোকসকলে আৰক্ষীৰ চাকৰিৰ প্ৰতিশ্ৰুতিৰে গ্ৰামাঞ্চলৰ ৰাইজক প্ৰতাৰণা কৰিছিল। ভুৱা থানাখন বিষয়ে অৱগত হোৱাৰ পিছতে সমগ্ৰ বিষয়টোৰ সন্দৰ্ভত তদন্ত আৰম্ভ কৰা হৈছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ