হাঁহি-ধেমালিৰে দৰাৰ সৈতে বিয়ালৈ বুলি গৈ আছিল ৬০ গৰাকী, পাছে বিয়া খোৱা নহল, ১৩ গৰাকী নিহত- ৩০ গৰাকী আহত
এক অতিকে শোকাৱহ ঘটনাই জোকাৰি গৈছে দেশ। যি ঘটনাত দেশৰ ৰাষ্ট্ৰপতিয়েও শোক ব্যক্ত কৰিছে। বিয়ালৈ বুলি গৈ আছিল ৬০গৰাকী বৰযাত্ৰীৰে সৈতে এখন বাহন। পাছে ভাগ্যত নিয়তিয়ে লিখি থৈছিল অন্য হে। কইনা ঘৰ পোৱাৰ পূৰ্বেই প্ৰাণ হেৰুৱাই ১৩ গৰাকীয়ে, ৩০ৰো অধিক আহত।
মধ্য প্ৰদেশৰ ৰাজগড়ত যোৱা নিশা সংঘটিত হৈছে এই ভয়ংকৰ পথ দুৰ্ঘটনা। এখন ট্ৰেক্টৰ ট্ৰলী বাগৰি পৰাৰ ফলত ১৩ গৰাকী বৰযাত্ৰীৰ মৃত্যু। ৩০ জনতকৈ অধিক লোক আহত হোৱাৰ বিপৰীতে ৪ জন লোকক সংকটজনক অৱস্থাত ভূপাললৈ প্ৰেৰণ কৰা হৈছে।
নিহতসকলৰ ভিতৰত আছে ৪টা শিশু আৰু ৫ গৰাকী মহিলা। ৰাজস্থানৰ ঝলাৱাৰ জিলাৰ গাঁও মতিপুৰাৰ পৰা ৰাজগড় জিলাৰ কমলপুৰ গাঁওলৈ এখন ট্ৰেক্টৰ ট্ৰলীত আহিছিল বিবাহযাত্ৰীসকল।
দুৰ্ঘটনাটোত আহত এগৰাকী মহিলাই জনোৱা মতে, নিশা প্ৰায় ৯ মান বজাত সংঘটিত হৈছিল ঘটনাটো। ট্ৰেক্টৰ ট্ৰলীখনত প্ৰায় ৬০ জন লোক আছিল। চালকজন মদ্যপান কৰি আছিল। উচ্চ স্বৰত সংগীতো বাজি আছিল। মদ্যপান কৰি গানৰ তালে তালে নাচি থকা অৱস্থাতে হঠাতে চালকে ভাৰসাম্য হেৰুৱাই পেলায়।
ভাৰসাম্য হেৰুৱাৰ ফলত ৰাজপথতে সম্পূৰ্ণ উল্টা খাই পৰে বাহন। যাৰ ফলতে বহু লোকৰ মূৰত আঘাত লাগে। পাছত জেচিবি আনিবে বাহন চিধা কৰি লৈ আহত লোক সকলক বাহিৰ কৰা হয়। মূৰত আঘাত লগাৰ ফলতে ১৩ গৰাকী লোকৰ মৃত্যু হয়।
ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে টুইট কৰি মৃত্যু হোৱা লোকসকলৰ বাবে শোক প্ৰকাশ কৰে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ