অসম লাভই ২৪ঃ শেহতীয়া কেইটামান দিনত দেশত ক’ৰোনাৰ সংক্ৰমণ কিছু হ্ৰাস পোৱাৰ পাছতে সকলোৰে মনত এটা প্ৰশ্নৰ উদ্ভৱ হৈছিল যে বৰষুণ হোৱাৰ বাবে প্ৰকোপ হ্ৰাস পাইছে নেকি ক’ৰোনাৰ। দেশৰ বিভিন্ন প্ৰান্তত প্ৰচণ্ড বৰষুণৰ পৰিপ্ৰেক্ষিতত বহু লোকে এটা ভুৱা প্ৰচাৰ চলাইছিল যে বৰষুণ দিয়াৰ বাবে হ্ৰাস পাইছে ক’ৰোনাৰ প্ৰকোপ। কেৱল ইমানে নহয়, কিছু লোকে ভুৱা মেছেজেৰে বিভিন্ন লোকক বৰষুণৰ বাবে ক’ৰোনাৰ সংক্ৰমণ হ্ৰাস পোৱা বুলি ভুৱা প্ৰচাৰ চলাইছে। বৰষুণৰ প্ৰকোপৰ বাবে ক’ৰোনা হ্ৰাস হোৱা বুলি ভুৱা মেছেজ বিয়পি পৰাৰ পাছতে চৰকাৰী অনুসন্ধানকাৰী সংস্থা PIBৰ ফেক্ট চেক টিমে ভাইৰেল মেছেজক লৈ কৰিছে টুইট। টুইটটোত PIBএ উল্লেখ কৰিছে যে বৰষুণ দিলে কোভিড নকমে। কোভিডৰ গতি ৰুদ্ধ কৰিবলৈ ভালদৰে মাস্ক পিন্ধক, ছেনিটাজাৰেৰে হাত ধুৱক আৰু শাৰীৰিক দূৰত্ব বজাই ৰাখক।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ
















