অসম লাইভ২৪ঃ কথাবোৰ দুবছৰ আগৰ৷ সকলো প্ৰত্যাহ্বান নেওচি দুবছৰ পূৰ্বে আজিৰ দিনটোতে অভিনেত্ৰী বৰষাৰাণী বিষয়াই আৰম্ভ কৰিছিল যুগ্ম জীৱন৷ যোৰহাটৰ যুৱক ভাস্কৰ বৰুৱাৰ সৈতে যুগ্ম জীৱনে দুবছৰ অতিক্ৰম কৰিলে৷
ফাগুন ভালপোৱা বৰষাৰাণী বিষয়াই তেজৰঙা শিমলুকেই সাক্ষী কৰি আৰম্ভ কৰিছিল যুৰীয়া জীৱন৷ বিবাহৰ পাছৰে পৰাই বহুসময়ত বৰষাৰাণীয়ে ভাস্কৰৰ সৈতে বিভিন্ন সুখৰ মুহূৰ্তও সামাজিক মাধ্যমত শ্বেয়াৰ কৰি আহিছে৷ ২২ ফ্ৰেব্ৰুৱাৰী অৰ্থাৎ আজিৰ দিনটোত দুয়োৰে যুগ্ম জীৱনে দুবছৰ অতিক্ৰম কৰাৰ দিনটোত বহুজনেই সামাজিক মাধ্যমযোগে শুভেচ্ছা জনাইছে প্ৰেমিক যুঁটিটোক৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ