বাংলাদেশৰ বলাৰ মুস্তাফিজুৰ ৰহমানে খেলিব নোৱাৰিব আই পিএল৷ কলকাতা নাইট ৰাইডাৰ্ছ কৰ্তৃপক্ষক এই নিৰ্দেশ দিছে ভাৰতীয় ক্ৰিকেট বৰ্ডে৷ পৰিবৰ্তে অন্য কোনো ক্ৰিকেটাৰক চহী কৰোৱাৰ সুযোগ পাব কে কে আৰ কৰ্তৃপক্ষই৷ মুস্তাফিজুৰক এৰিবলৈ নিৰ্দেশ দিছে বিচিচিআইৰ সচিব দেৱজিত লন শইকীয়াই৷
ভাৰত-বাংলাদেশৰ বৰ্তমানৰ খামখেয়ালীৰ প্রভাৱ পৰিছে আইপিএলতো! আগন্তুক আই পি এলত বাংলাদেশৰ একমাত্ৰ ক্ৰিকেটাৰ হিচাপে খেলাৰ কথা আছিল মুস্তাফিজুৰৰ৷ নিলামত তেওঁক ৯ কোটি ২০ লাখ টকাও দিছিল কে কে আৰ কৰ্তৃপক্ষই৷ আই পি এলৰ অন্যতম সফল বলাৰ মুস্তাফিজুৰ৷ বাংলাদেশৰ বাওঁহতীয়া বলাৰ ডেথ অভাৰত নিয়ন্ত্ৰিত বোলিং কৰিব পাৰে৷ সেই কথা মূৰত ৰাখিয়েই দলৰ বোলিং শক্তিশালী কৰাৰ বাবে মুস্তাফিজুৰক দলত লৈছিল বেঙ্কি মাইছোৰে৷ কিন্তু বিচিচিআইৰ নিৰ্দেশৰ পাছত তেওঁক খেলাব নোৱাৰিব শ্বাহৰুখ খানৰ দলে৷
পৰিবৰ্তে অৱশ্যে অন্যান্য কাৰোবাক চহী কৰাব পাৰিব কেকেআৰে৷ বিদেশী ক্ৰিকেটাৰকো ল’ব পাৰিব কেকেআৰে৷ দেৱজিৎ লন শইকীয়াই জনোৱা অনুসৰি, সাম্প্ৰতিক ঘটনাৱলিৰ কাৰণে বিচিচিআইয়ে আইপিএলৰ অন্যতম ফ্ৰেঞ্জাইজি কেকেআৰক এক নিৰ্দেশ দিছে৷ বাংলাদেশৰ ক্ৰিকেটাৰ মুস্তাফিজুৰ ৰহমানক এৰিবলৈ নিৰ্দেশ দিয়া হৈছে৷ কেকেআৰৰ পৰিবৰ্তে ক্ৰিকেটাৰ ল’বলৈ আবেদন কৰিলে বোৰ্ডে তেওঁলোকক অনুমতি দিব৷
২০০৮ চনত মুম্বাইৰ সন্ত্ৰাসবাদী আক্ৰমণৰ পাছৰে পৰা ভাৰত-পাকিস্তান দ্বিপাক্ষিক ক্ৰিকেট সম্পৰ্কে কোৱাৰ প্ৰয়োজন নাই৷ ২০০৯ চনৰ পৰাই পাকিস্তানৰ ক্ৰিকেটাৰৰ বাবে আই পিএলৰ দুৱাৰ বন্ধ কৰি দিছে বিচিচিআইয়ে৷ বিগত বছৰ পহেলগ্ৰামত হোৱা সন্ত্ৰাসবাদী আক্ৰমণৰ পাছত অপাৰেছন সেন্দূৰে ভাৰত-পাক ক্ৰিকেট সম্পৰ্কক আৰু জটিল কৰি তুলিছে৷ বাংলাদেশৰ ক্ৰিকেটাৰসকলৰ ক্ষেত্ৰতো তেন্তে একেই অৱস্থান লৈছে নেকি বি চিচিআইয়ে?
মুস্তাফিজুৰক এৰি দিয়াৰ নিৰ্দেশৰ পৰিপ্ৰেক্ষিতত এই প্ৰশ্ন তৈয়াৰ হৈছে ক্ৰিকেটপ্ৰেমীসকলৰ একাংশৰ মনত৷ বাংলাদেশৰ ক্ৰিকেটাৰসকলৰ ক্ষেত্ৰত এই সিদ্ধান্ত সাময়িক নে দীৰ্ঘম্যাদি সেয়া অৱশ্যে এতিয়াও জানিব পৰা হোৱা নাই৷ শ্বেখ হাছিনা চৰকাৰৰ পতনৰ পাছতেই দুই দেশৰ দ্বিপাক্ষিক সম্পৰ্কত কিছু শিথিলতা আহিছে৷ শেহতীয়াকৈ বাংলাদেশত ৩জনকৈ হিন্দু যুৱকক হত্যাও কৰা হৈছে৷ বাংলাদেশত সংখ্যালঘুৰ হিন্দুৰ ওপৰত অত্যাচাৰ বৃদ্ধিৰ বিৰুদ্ধে সোচ্চাৰ হৈছে কেন্দ্ৰৰ শাসক বিজেপিসহ কেইবাটাও দল৷ তাৰপিছতেই আই পি এলত বাংলাদেশৰ ক্ৰিকেটাৰ লোৱাক লৈ প্ৰতিবাদ আৰম্ভ হৈছিল৷ কেকেআৰক বয়কট কৰাৰো দাবী উঠিছিল কেইবাটাও মহলৰ পৰা৷ সকলো মিলি ক্ৰমশ চাপ বাঢ়ে বোৰ্ড আৰু কেকেআৰ কৰ্তাসকলৰ ওপৰত৷
বিতৰ্ক আৰু চাপৰ মুখত পৰিয়েই শুকুৰবাৰে প্ৰথমে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছিল বিচিচিআইয়ে৷ বোৰ্ডৰ এগৰাকী কৰ্তাই সৰ্বভাৰতীয় এক সংবাদমাধ্যমক কৈছে, ‘বিষয়টো আমাৰ হাতত নাই৷ বাংলাদেশৰ ক্ৰিকেটাৰে আইপিএল খেলিব নোৱাৰিব এনে কোনো নিৰ্দেশ কেন্দ্ৰীয় চৰকাৰে আমাক দিয়া নাই৷ সেয়ে এই বিষয়ক লৈ মন্তব্য কৰা সম্ভৱ নহয়৷’ এই মন্তব্যৰ পাছতেই আকৌ শনিবাৰে পুৱা বিচিচিআইয়ে মুস্তাফিজুৰৰ আইপিএল খেলাক লৈ অৱস্থান স্পষ্ট কৰি দিয়ে৷ বোৰ্ডৰ এই সিদ্ধান্তৰ ফলত আগন্তুক আই পি এলত পাকিস্তানৰ দৰে বাংলাদেশৰো কোনো ক্ৰিকেটাৰক দেখা নাযাব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















