লকডাউনত বন্ধ বিউটি পার্লাৰ৷ হানি-বিঘিন ঘটিছে নেকি আপোনাৰ সৌন্দর্যৰ৷ আমি আগবঢ়াইছো ঘৰতে সৌন্দর্য চর্চাৰ কেইটামান কৌশল৷ আপুনি নিয়মীয়াকৈ এই পৃষ্ঠা চালে লাভ কৰিব ঘৰতে সৌন্দর্য চর্চাৰ টিপছ৷
১) যদি আপোনাৰ চুলি সৰিছে, তেন্তে পিয়াঁজৰ ৰসৰ লগত তেল লগাব৷ তেতিয়া চুলি সৰা বন্ধ হ’ব, লগতে Hair growth হ’ব৷ গৰমৰ দিনত বহুতৰে চুলি ঘামি থাকে ৷ আপুনি পিয়াঁজৰ ৰসখিনি উলিয়াই লৈ তেলৰ মিশ্ৰণৰ লগত চুলিত লগাব। তাৰ পাছত Hair wipe পিন্ধি থাকিব। পাছত চুলিখিনি ধুই দিব৷ আপোনাৰ চুলি ৬০-৯০ দিনৰ ভিতৰত আগতকৈ ধুনীয়া হৈ উঠিব আৰু সৰা বন্ধ হ’ব।
২) আপোনাৰ যদি মুখ Glowing, Whiting কৰিব বিচাৰে, কি কৰিব? প্ৰথমে আপুনি Fresh milk cream, কলৰ মিশ্ৰণ কৰি Face Mask তৈয়াৰ কৰি মুখত লগালে আপোনাৰ মুখমণ্ডলৰ Glow, Whiting বাঢ়িব৷
৩) আপোনাৰ যদি মুখমণ্ডল Dry হয়, তেন্তে আপুনি ঘৰতে মুখমণ্ডলত Beet root (বিট)ৰ Pack লগাব পাৰে৷ Beet root, গাখীৰ, গ্লিচাৰিণ আৰু Sandal powderৰ Face pack লগাব পাৰে৷ তেতিয়া আপোনাৰ Dry Skin খনৰ Glow আহিব লগতে Whiting বাঢ়িব৷ লকডাউনৰ সময়খিনিত আপুনি এনেদৰে নিজৰ সৌন্দর্য অটুট ৰাখিব পাৰে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ